নিউজ ডেস্ক,২৫ জুলাইঃ ৰাজস্থানৰ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে শচীন পাইলট তথা ১৮ জন বিধায়কৰ বিৰুদ্ধে অযোগ্য়তা ঘটনা সন্দৰ্ভত স্থিতিশীল অৱস্থা বজাই ৰখাৰ নিৰ্দেশ প্ৰদান কৰে । ৰাজস্থান উচ্চ ন্য়ায়ালয়ৰ এই আদেশক সমৰ্থন তথা স্বাগতম জনাই কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলে ।
ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুদেশ ৱাৰ্মাই কয় যে,শুকুৰবাৰে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে লোৱা সিদ্ধান্ত সকলোৱে মানি লোৱা তথা গ্ৰহণ কৰা উচিত । এই সিদ্ধান্ত মানি লোৱাটোৱে গণতন্ত্ৰৰ বাবে মংগলজনক । কংগ্ৰেছৰ নিৰ্ণয়ৰ বাবে এতিয়া কোনো লোকক দোষ দিয়া উচিত নহ'ব ।
এই আদেশৰ সৈতে উচ্চ ন্য়ায়ালয়ৰ অধ্য়ক্ষ চিপি যোশীয়ে ১৪ জুলাইত অযোগ্যতাৰ জাননী সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বাধা প্ৰদান কৰে । উচ্চ ন্যায়ালয়ৰ দ্বাৰা শচীন পাইলটৰ ঘটনা সন্দৰ্ভত পক্ষপাতিত্ব থকাক লৈ অনুৰোধৰ পাচত এই আদেশ লাভ কৰে ।
শচীন পাইলটসহ ১৮ গৰাকী বিধায়কক বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা লাভ কৰা অযোগ্যতা জাননী উচ্চ ন্যায়ালয় প্ৰত্য়াহ্বান জনাই । এই জাননী কংগ্ৰেছৰ মুখ্য় চিফ হুইপেৰ অনুৰোধত প্ৰদান কৰা হৈছিল । য'ত শশীন পাইলট তথা তেখেতকৰ সমৰ্থনত থকা ১৮ গাৰকী বিধায়কে চিএলপিৰ বৈঠকত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছিল ।