নেশ্যনেল ডেস্ক, 10 মাৰ্চ : কংগ্ৰেছক কটাক্ষ কৰাৰ লগতে দলটোৰ সৈতে জ্যোতিৰাদিত্য সিন্ধিয়াই 18 বছৰ পুৰণি সম্পৰ্ক ছেদ কৰা কাৰ্যক আদৰণি জনাইছে বিজেপিৰ মুখপাত্ৰ শ্বাহনাৱাজ হুছেইনে ৷
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মঙলবাৰে কংগ্ৰছৰ সভানেত্ৰী ছোনিয়া গান্ধীক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাচতে মধ্য প্ৰদেশৰ কংগ্ৰেছ চৰকাৰত সংকটে দেখা দিছে ৷
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহনাৱাজ হুছেইনে কয় যে, কংগ্ৰেছৰ সদস্যসকলে তেওঁলোকৰ নেতৃবিন্দৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ৷ ৰাহুল গান্ধীৰ অধীনত কংগ্ৰেছ দলৰ কোনো ভৱিষ্যৎ নাই বুলি মন্তব্য কৰে হুছেইনে ৷
শ্বাহনাৱাজ হুছেইনৰ মতে, যুৱ নেতাসকলে কংগ্ৰেছ দলৰ পক্ষে আৰু থিয় নিদিয়ে ৷ জ্যেষ্ঠ নেতা হোৱাৰ পাচতো কংগ্ৰেছৰ পৰা অপমান আৰু দূৰ্ব্যৱহাৰ সহ্য কৰিব লগা হোৱা জ্যোতিৰাদিত্যক নিৰ্বাচনত জয়ী হ'বৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ সেয়েহে তেওঁৰ পদত্যাগ সম্পূৰ্ণ গ্ৰহণযোগ্য ৷
হুছেইনে লগতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হোৱাৰ পাচতে সিন্ধিয়াৰ বিজেপিৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব বুলি মই বিশ্বাস কৰো ৷ ইয়াৰ ফলত মধ্য প্ৰদেশৰো বিকাশৰ গতি উন্নত হ'ব ৷"
সিন্ধিয়াই পদত্যাগ কৰাৰ ফলত 15 মহীয়া মধ্য প্ৰদেশৰ কংগ্ৰেছ চৰকাৰ ভংগ হোৱাৰ পথত বুলি অনুমান কৰা হৈছে ৷ মধ্য প্ৰদেশৰ মুঠ 230 খন বিধানসভা আসনৰ 120 খনত কংগ্ৰেছ আৰু অন্য সংখ্যলঘু দলে মিত্ৰজোঁটত দখল কৰাৰ পৰিৱৰ্তে বিজেপিয়ে 107 খন আসন দখল কৰিছে ৷ ইয়াৰোপৰি, 2 খন আসন শূন্য হৈ আছে ৷
আৰু পঢ়ক : বিজেপিত যোগদান জ্যোতিৰাদিত্যৰ ! মধ্যপ্ৰদেশ চৰকাৰত সংকট