ETV Bharat / bharat

সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বিজেপি

author img

By

Published : Aug 10, 2020, 2:50 AM IST

বিজেপিৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ সাজু আছে যি সমূহ বিৰোধীয়ে অধিবেশনৰ সময়ত সংসদত উত্থাপন কৰিব । এয়া বিৰোধীৰ দায়িত্ব যে, তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব আৰু বিজেপি চৰকাৰে ইয়াৰ উত্তৰ দিবলৈ প্ৰস্তুত । সাংবাদিকৰ আগন্ত মন্তব্য শিৱ প্ৰতাপ শুক্লাৰ ৷

'BJP ready to answer any question during monsoon session of parliament'
সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বিজেপি

নিউজ ডেস্ক,৯আগষ্ট: ভাৰতীয় জনতা দলৰ ৰাজ্য সভাৰ সাংসদ শিৱ প্ৰতাপ শুক্লাই উল্লেখ কৰে যে দলে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত । সংসদৰ বৰ্ষাকালিন অধিবেশনখন আগষ্ট মাহৰ শেষৰ ফালে অনুস্থিত হোৱাৰ সম্ভাৱনা আছে ।

অলপতে ৰাজ্যসভাৰ আচাৰ সমিতি(Ethics Commitee)ৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়া হৈছিল সাংসদ শিৱ প্ৰতাপ শুক্লাক । ইটিভি ভাৰতৰে হোৱা এটি সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে জনালে, ’’বিজেপিৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ সাজু আছে যি সমূহ বিৰোধীয়ে অধিবেশনৰ সময়ত সংসদত উত্থাপন কৰিব । এয়া বিৰোধীৰ দায়িত্ব যে, তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব আৰু আমাৰ চৰকাৰে ইয়াৰ উত্তৰ দিবলৈ প্ৰস্তুত’’ ।

সাংসদ গৰাকীয়ে লগতে কয় যে, বিৰোধীয়ে কোনো কোনো সময়ত অতিকে হাস্যকৰ প্ৰশ্ন কিছুমান উত্থাপন কৰে । এই বাৰৰ বৰ্ষাকালিন অধিবেশনত কেনে ধৰণৰ প্ৰশ্নৰ উত্থাপনৰ সম্ভাৱনা থাকিব সেই বিষয়ে কবলৈ গৈ সাংসদ গৰাকীয়ে কয়, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে অতি সুন্দৰভাৱে মহামাৰী ক'ৰণাৰ বিৰুদ্ধে হোৱা যুঁজখন চলাই গৈছে । লগতে লাডাখত চীনৰ আক্ৰমণৰ উচিত প্ৰত্যোত্তৰ দিয়া বুলিও কলে সাংসদ শুক্লাই ।

শেহতীয়াকৈ ৰাজস্থানত হোৱা ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে ক'লে, ইয়াৰ লগত ভাৰতীয় জনতা দলৰ কোনো সম্পৰ্ক নায় । ইয়াৰ বাবে মূলত কংগ্ৰেছেই জগৰিয়া যিহেতু মধ্য প্ৰদেশ আৰু ৰাজস্থানত নিজৰ বিধায়ককেই নিয়ন্ত্ৰণ কৰিবলৈ কংগ্ৰেছ বিফল হৈছে ।

লগতে পঢ়ক : COVID-19ক প্ৰত্যাহ্বান জনাই স্ব-গৃহলৈ উভতিল বৰ্ষীয়ান অভিনেতা সতীশ ছাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.