ETV Bharat / bharat

সাংসদ সৌমিত্ৰ খানে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে - TMC leader gets divorce notice

তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পাচতে কলকাতাৰ বিষ্ণুপুৰৰ সাংসদ বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সৌমিত্ৰ খানে মঙলবাৰে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে ৷

BJP MP Saumitra Khan sends divorce notice to wife, a day after she joined TMC
সাংসদ সৌমিত্ৰ খানে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে
author img

By

Published : Dec 23, 2020, 8:53 AM IST

কলকাতা, 23 ডিচেম্বৰ: বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সৌমিত্ৰ খানৰ পত্নী সুজাতা মণ্ডল খানে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পাচতে দুয়োৰে মাজত সৃষ্টি হৈছে মতানৈক্য ৷ তাৰ পচতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সৌমিত্ৰ খানে মঙলবাৰে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে ৷ সৌমিত্ৰ খানৰ উকীলে উল্লেখ কৰা মতে, বিবাহ বিচ্ছেদ জাননী খনত বহু কেইটা বৈবাহিক বিষয়ৰ কথা উল্লেখ আছে ৷ বিজেপি নেতা গৰাকীয়ে তেওঁৰ পত্নীক তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পাচতে বিবাহ বিচ্ছেদৰ হুংকাৰ দিছিল ৷ কলকাতাৰ বিষ্ণুপুৰৰ সাংসদ গৰাকীৰ পত্নী আৰু তেওঁৰ মাজত কিছুদিনৰ পৰা বিবাহ বিচ্ছেদৰ কথা চলি আছিল যদিও তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিব বুলি তেওঁ ভৱা নাছিল ৷

BJP MP Saumitra Khan sends divorce notice to wife, a day after she joined TMC
সাংসদ সৌমিত্ৰ খানে তেওঁৰ পত্নী সুজাতা মণ্ডল খানলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে

সাংসদ সৌমিত্ৰ খানে সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে, আমি আমাৰ 10 বছৰীয়া সম্পৰ্কটো শেষ কৰাৰ সিদ্ধান্ত লৈছো ৷ সূজাতা খানে মোৰ তেওঁৰ উপাধি লিখিব নালাগে ৷ লগতে আগন্তুক ৰাজনৈতিক জীৱনৰ বাবে শুভ কামনা জ্ঞাপন কৰে খানে ৷

সাংবাদিকৰ এক প্ৰশ্নত সাংসদ পত্নী সুজাতা খানে কয় যে, যেতিয়া সম্বৰ্কত ৰাজনীতি সোমাই তেতিয়া সম্বৰ্কবোৰ বেয়া হৈ পৰে ৷ মোৰ বিৰুদ্ধে বিজেপিৰ বহু লোকে মোৰ স্বামীক উচতাইছে ৷ তিনি তালাক শেষ কৰাৰ কথা কোৱা চৰকাৰৰ দলৰ নেতাই আজি মোক তালাক দিয়াৰ কথা ভাবিছে ৷

সুজাতা খানক বিজেপি ত্যাগ কৰাৰ কাৰণ সোধাত কয় যে, মই সন্মান আৰু সুৰক্ষাৰ বাবে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছো ৷ তাৰ আগতে মই বিজেপি দলৰ বহু কেইটা দিশ অধ্যয়ন কৰিছো ৷ লগতে সুজাতাই কয় মই কেনেকৈ বিবাহ বিচ্ছেদৰ জাননী পালো ক'ব নোৱাৰো ৷ মোৰ স্বামী এগৰাকী সাংসদ হোৱাৰ পাচতো কেনেকৈ সংবাদ মেল সম্বোধন কৰি বিবাহ বিচ্ছেদৰ কথা ক'ব পাৰিলে সেয়াও ভাবি পোৱা নাই ৷ মই এতিয়াও সৌমিত্ৰক ভাল পাও, স্বামী হিচাপে সন্মান কৰো ৷ আমাৰ প্ৰেম বিবাহ হৈছিল ৷ এতিয়াও মই তেওঁৰ নামত সেন্দুৰ লও ৷ মাথো মোৰ মই সন্মান আৰু সুৰক্ষাৰ বাবে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছো ৷

লগতে পঢ়ক: 28 বছৰৰ অন্তত ন্যায় লাভ কৰিলে চিষ্টাৰ অভয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.