নেশ্যনেল ডেস্ক, 11 আগষ্ট : বিজেপিৰ প্ৰাক্তন জিলা মুৰব্বী সঞ্জয় খোকৰক কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ বাঘপটস্থিত নিজৰ ফাৰ্মৰ পৰা পুৱাৰ ভাগত খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
প্ৰতিবেদন অনুসৰি,তিনি অচিনাক্ত দুৰ্বৃত্তই বিজেপি নেতাগৰাকীলৈ গুলীচালনা কৰে ৷ বাঘপট জিলাৰ চাপ্ৰাউলি অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ ইয়াৰ পাচতে স্থানীয় আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ পথাৰৰ মাজৰ পৰা তেওঁৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে ৷ পথাৰৰ মাজৰ আলিত খোকৰৰ ৰক্তাক্ত মৃতদেহ পৰি থকা এক ভিডিঅ' চ'ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰে ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে 24 ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী বিষয়াক নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে,যোৱা মাহতো ৰাষ্ট্ৰীয় লোক দলৰ দেশপাল খোকৰ নামৰ নেতাজনক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷
আনহাতে,10 আগষ্টত কাশ্মীৰৰ বুদগাম জিলাৰ ওমপোৰা অঞ্চলত দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিজেপিৰ সদস্য আব্দুল হামিদ নাজাৰৰ দেওবাৰে SMHS হাস্পতালত মৃত্যু হয় ৷ বৃহস্পতিবাৰেও কুলগ্ৰাম জিলাৰ ভেছু গাজিগুন্দত বিজেপিৰ নেতা ছাজাদ আহমেদ খাণ্ডেক কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷
লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী