ত্ৰিপুৰা, ২৫ এপ্ৰিলঃ ত্ৰিপুৰাত শনিচৰা চৰকাৰী চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছক প্ৰহাৰ বিজেপি নেতাৰ । বিজেপি কৰ্মীৰ দ্বাৰা লণ্ড-ভণ্ড চিকিৎসালয়ৰ সামগ্ৰী ।
যোৱানিশা পৰীক্ষিত সিংহ নামৰ ব্যক্তিজনে তেওঁৰ অসুস্থ ভাতৃক শনিচৰা চৰকাৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ আহিছিল। সেইসময়তে কৰ্তব্যৰত নাৰ্চ নাচিমা বেগমৰ লগত মতানৈক্য হয় পৰীক্ষিতৰ ৷ পৰিস্থিতি ইমানেই অৱনতি ঘটে পৰীক্ষিত সিংহই নাৰ্চ গৰাকীক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইমানতে ক্ষান্ত নাথাকি চিকিৎসক বিশ্ববন্ধু দেৱনাথকো শাৰীৰিক ভাবে অপদস্থ কৰে । চিকিৎসাৰ আৰু নাৰ্চৰ অভিযোগ ঘটনাৰ সময়ত সুৰাসক্ত অৱস্থাত আছিল পৰীক্ষিত ৷ উল্লেখ্য যে এই ঘটনা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পৰীক্ষিত সিংহক গ্ৰেপ্তাৰ নকৰাত ক্ষুব্ধ হৈ পৰে চিকিৎসা কৰ্মী সকল । বৰ্তমান পৰীক্ষিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত কৰ্মবিৰতিত থাকিব বুলি চিকিৎসা কৰ্মীসকলে সদৰী কৰাৰ লগতে পৰীক্ষিতৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰিছে ।
অধিক পঢ়িবলৈ ধুবুৰীত সোপা ধৰাৰ আতংক, ৰাইজে ভাঙিলে আৰক্ষীৰ বাহন