নিউজ ডেস্ক, ২৯মে' : লোকসভা নিৰ্বাচনত বিজেপিয়ে সফলতা লাভ কৰাৰ পাছতেই মঙলবাৰে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ২জন বিধায়ক ,চি পি এমৰ ১জন আৰু 50গৰাকীকৈ সদস্যই যোগদান কৰে । তৃণমূল কংগ্ৰেছৰ সুভ্ৰাঞ্চু ৰয়ে বিজেপিত যোগদান কৰি সংবাদ মাধ্যমৰ আগত জনায়-দেশৰ প্ৰগতিৰ বাবে বিজেপিত যোগদান কৰিছোঁ।
ইফালে, চিপিএমৰ বিধায়ক দেভেন্দ্ৰ ৰয়েও দেশৰ উন্নতিৰ বাবে আগবাঢ়ি অহা মোডীক সহযোগ কৰাৰ উদ্দেশ্যৰে বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে ।