নিউজ ডেস্ক,২২ জুনঃ ডি ডি ইউ মাৰ্গস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। দিল্লী আৰক্ষীয়ে ফোনযোগে লাভ কৰে এই ভাবুকি। ফোন লাভ কৰাৰ পাছতেই বিজেপিৰ মুখ্য কাৰ্যালয়ত গৈ উপস্থিত হয় দিল্লী আৰক্ষীৰ দল। অৱশ্যে,কাৰ্যালয়ৰ চি চি টিভি ফুটেজ পৰীক্ষাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত চলাই যদিও কোনো সন্দেহজনক তথ্য দৃষ্টিগোচৰ নহয় আৰক্ষীৰ দলটোৰ।
আৰক্ষীৰ উপ-আয়ুক্ত মনদীপ সিঙে সদৰী কৰা অনুসৰি শনিবাৰে পুৱা ১১ বজাত দিল্লী আৰক্ষীয়ে লাভ কৰে ফোন কলটো। আৰক্ষীক ভুল পথে পৰিচালিত কৰাৰ উদ্দেশ্যে কোনো অজ্ঞাত লোকে কৰিছিল এই ফোনকল। আৰক্ষীৰ তথ্য-প্ৰযুক্তি শাখাই উল্লেখ কৰা অনুসৰি মানসিকভাৱে বিকাৰগ্ৰস্ত এই লোকজনে পূৰ্বেও কেইবাবাৰো আৰক্ষীলৈ ফোন কৰি ভাবুকি প্ৰদান কৰি আহিছে। ঘটনা সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে।