নিউজ ডেস্ক, 6 এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক কোভিড-19 মহামাৰীৰ সময়ত সহায়কাৰ্যত লিপ্ত হৈ পৰিবলৈ আহ্বান জনাইছে ৷ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইদৰে পাৰ্টী কাৰ্যকৰ্তালৈ আহ্বান জনাইছে বিজেপিৰ অন্যতম শক্তিশালী নেতা তথা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ গঠনত যোগদান দিয়া পুৰনি নেতাসকলক স্মৰণ কৰি আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একমাত্ৰ দলটোৰ প্ৰথম অৱস্থাত কাম কৰা কাৰ্যকৰ্তাসকলৰ বাবেহে আজি কোটি-কোটি ভাৰতীয়ক সেৱা কৰাৰ সুবিধদা লাভ কৰিছে বিজেপিয়ে ৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক টুইটো কৰে ৷
-
We mark our Party’s 40th Anniversary when India is battling COVID-19. I appeal to BJP Karyakartas to follow the set of guidelines from our Party President @JPNadda Ji, help those in need and reaffirm the importance of social distancing. Let’s make India COVID-19 free. #BJPat40 pic.twitter.com/8RrvuLKzWm
— Narendra Modi (@narendramodi) April 6, 2020 " class="align-text-top noRightClick twitterSection" data="
">We mark our Party’s 40th Anniversary when India is battling COVID-19. I appeal to BJP Karyakartas to follow the set of guidelines from our Party President @JPNadda Ji, help those in need and reaffirm the importance of social distancing. Let’s make India COVID-19 free. #BJPat40 pic.twitter.com/8RrvuLKzWm
— Narendra Modi (@narendramodi) April 6, 2020We mark our Party’s 40th Anniversary when India is battling COVID-19. I appeal to BJP Karyakartas to follow the set of guidelines from our Party President @JPNadda Ji, help those in need and reaffirm the importance of social distancing. Let’s make India COVID-19 free. #BJPat40 pic.twitter.com/8RrvuLKzWm
— Narendra Modi (@narendramodi) April 6, 2020
প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সুশাসন আৰু দুখীয়া লোকসকলৰ অৱস্থাৰ দুৰীকৰণত নিৰন্তৰ কাম কৰি যোৱাৰ কথাও উল্লেখ কৰে ৷
আনহাতে দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপি কাৰ্যকৰ্তাসকলক সামাজিক সেৱাৰে উদ্বুদ্ধ হৈ পৰিবলৈ আহ্বান জনাই এক টুইট কৰে ৷
কোভিড-19ৰ এই জটিল সময়ত দলটোৰ 40সংখ্যক স্থাপনা দিৱস উপলক্ষে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাই জাৰী কৰা নিৰ্দেশাৱলীসমূহ পালন কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷