নিউজ ডেস্ক,6 আগষ্ট: 2019 বৰ্ষৰ 5আগষ্ট তাৰিখে কেন্দ্ৰই জন্মু-কাশ্মীৰক দুটা ভাগত বিভক্ত কৰি লাডাখ আৰু জন্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যeদা প্ৰদান কৰা হৈছিল ৷ এই উদ্দেশ্যেৰে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)য়ে লাডাখত উদযাপন কৰে প্ৰথম বৰ্ষপুৰ্তি ৷ বিজেপি দলৰ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংসদৰ সদস্য জাময়াং ছেৰিং নামগ্যাল ৷ নামগ্যালে কয় যে,71 বছৰে বহু কষ্ট কৰাৰ অন্তত লাডাখে এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰে৷ লাডাখে নতুন পৰিচয় লাভ কৰে৷ লাডাখক এই বিশেষ পৰিচয় দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই নামগ্যালে ৷
অন্য এক খবৰৰ বাবে:আছুৰ ৰাজনৈতিক দল : পূৰণ কৰিব পাৰিবনে খিলঞ্জীয়াৰ আশা
উল্লেখ্য যে,লাডাখৰ জনতাই দীৰ্ঘদিন ধৰি লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছিল ৷ আজিৰ পৰা 65 বৰ্ষ পূৰ্বে প্ৰখ্যাত লাডাখী নেতা কুশক বাকুলাই লাডাখৰ বাবে এই দাবী উত্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ইয়াক পূৰ্ণগতি প্ৰদান কৰিছিল আন এগৰাকী লাডাখী নেতা থুপষ্টান চেৱাঙে ৷ দুয়োগৰাকী নেতাই পাছলৈ ভাৰতীয় সদনত লাডাখত প্ৰতিনিধিত্ব কৰিছিল আৰু অৱশেষত 2019চনৰ 5 আগষ্ট তাৰিখে লাডাখে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷