নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি 'Know Namo' নামৰে এখনি কুইজ আৰু প্ৰধানমন্ত্ৰী মোডীৰ জীৱন যাত্ৰাৰ লগতে জীৱনৰ সফলতাক উদ্দেশ্যি 'Namo App' নামৰে অনলাইন প্ৰদৰ্শন কাৰ্যসূচীৰ আয়োজন কৰিছে ৷
ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা জনোৱা অনুসৰি,বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰা কুইজ প্ৰতিযোগিতাখন আৰম্ভ কৰা হ'ব আৰু উক্ত কুইজত প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ ওপৰত প্ৰশ্ন কৰা হ'ব ৷ যিসকল প্ৰতিযোগিয়ে প্ৰতিযোগিতাত বিজয়ী হ'ব তেওঁলোকক প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰিত কিতাপৰ টোপোলা উপহাৰ দিয়া হ'ব ৷
ইতিমধ্যে,বিজেপিৰ ফালৰ পৰা 'Namo App' মুকলি কৰি দিয়া হৈছে আৰু আগ্ৰহী সকলে প্ৰধানমন্ত্ৰীৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰাৰ লগতে ভিডি'অ যোগেও প্ৰশ্ন কৰিব পাৰিব ৷
উল্লেখ্য যে,প্ৰধানমন্ত্ৰীৰ জীৱনৰ ওপৰত আধাৰিত এইটোৱে হৈছে প্ৰথম ভাৰ্চুৱেল এপ'চ ৷ উক্ত এপ'চটোত নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা কেনেকৈ প্ৰধামন্ত্ৰীৰ যাত্ৰা,সংঘাত,সমস্যা তথা সফলতাৰ বিষয়ে জানিব পৰা যাব ৷
আনহাতে,এপ'চটোত 2001 চনত গুজৰাটত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিচত কেনেকৈ মনোবল আৰু আত্মবিশ্বাসৰ বলত পুনৰ ৰাজ্যখনক সবল নেতৃত্ব দিবলৈ সক্ষম হৈছে তাৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীৰ দ্বাৰা দেশৰ জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ বাবে হাতত লোৱা সকলো ধৰণৰ আঁচনি সন্দৰ্ভতো প্ৰকাশ কৰা হৈছে ৷ একেদৰে,অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভতো সকলো ধৰণৰ কথা প্ৰকাশ কৰা হৈছে ৷
ইফালে, অনলাইন প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন ৰাজনৈতিক ব্যক্তিসকলৰ চিত্ৰ প্ৰদৰ্শনৰ লগতে যিসকলে প্ৰধানমন্ত্ৰীক বিভিন্ন সন্মানৰে সন্মানিত কৰিছে সেইবোৰ প্ৰদৰ্শন কৰা হৈছে ৷
লগতে পঢ়ক : হত্যা নে আত্মহত্যাঃ যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বাইহাটাত চাঞ্চল্য