ETV Bharat / bharat

বাইকনৰ ড্ৰাগক কৰ'ণা চিকিৎসাত ব্যৱহাৰৰ অনুমতি ডিচিজিআইৰ - ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া

ভাৰতৰ প্ৰখ্যাত জৈৱপ্ৰযুক্তি প্ৰতিষ্ঠান বাইকনৰ দ্বাৰা তৈয়াৰী এটা ড্ৰাগক কৰ'ণাৰ চিকিৎসাৰ বাবে অনুমতি প্ৰদান কৰিছে ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই ৷

বাইকনৰ ড্ৰাগক কৰ'ণা চিকিৎসাত ব্যৱহাৰৰ অনুমতি ডিচিজিআইৰ

author img

By

Published : Jul 12, 2020, 2:19 PM IST

নিউজ ডেস্ক, 12 জুলাই : ভাৰতৰ প্ৰখ্যাত জৈৱপ্ৰযুক্তি সংস্থাই শনিবাৰে এক ড্ৰাগৰ কথা ঘোষণা কৰে ৷ কৰ'ণাৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ এই ড্ৰাগটোৱে দেশৰ ডিচিজিআইৰ অনুমতি লাভ কৰিছে ৷

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ইটলিজুমাব নামে এই ড্ৰাগটো 2013 চনতে প্ৰস্তুত কৰা হৈছিল আৰু ইয়াক কোভিড-19ৰ ফলত হোৱা কাইটোকাইন ৰিলিজ ছিনড্ৰমৰ কমৰ পৰা অধিক একিউট ৰেছিপাইৰেটৰি ডিষ্ট্ৰেছ ছিনড্ৰমযুক্ত ৰোগীসকলৰ চিকিৎসাত ব্যৱহাৰ কৰা হ'ব ৷

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ইটলিজুমাব হৈছে বিশ্বৰ প্ৰথমটো জৈৱিক থেৰাপী যাক বিশ্বৰ যিকোনো প্ৰান্ততে কোভিড-19 ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ ইয়াক প্ৰথমে 2013 চনত ভাৰতত মুকলি কৰা হৈছিল আৰু শেহতীয়াকৈ ইয়াত কিছু সংশোধন কৰি কোভিড-19 ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷ বাংগালোৰস্থিত প্ৰতিষ্ঠানটোৰ পৰীক্ষাগাৰত ইয়াক প্ৰতিষেধক ছিটা হিচাপে তৈয়াৰ কৰা হ'ব আৰু ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষণটো কোভিড-19 ৰোগীৰ ক্ষেত্ৰত মাত্ৰাধিক সফলতা লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷

প্ৰতিষ্ঠানটোৰ বিষয়া কিৰন মজুমদাৰ শ্বৱে প্ৰকাশ কৰা অনুসৰি, ভাৰতত এইটো ড্ৰাগে কোভিড-19ক নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হোৱাৰ লগতে দেশত মৃত্যুৰ হাৰ কম হ'ব ৷ ইয়াক নতুন দিল্লী আৰু মুম্বাইৰ বহুকেইখন চিকিৎসালয়ত প্ৰয়োগ কৰা হৈছিল আৰু প্ৰাৰম্ভিক পৰীক্ষণত এশ শতাংশ সফলতা লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷

লগতে পঢ়কঃ মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.