ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: RJD ত আছে আটাইতকৈ অধিক দাগী বিধায়ক - আটাইতকৈ অধিক দাগী বিধায়ক

বিহাৰত নিৰ্বাচনী দৌৰ অব্য়াহত ৷ তাৰ মাজতে Association of Democratic Reforms এ ফাদিল কৰে কেতবোৰ আপত্তিজনক তথ্য ৷ কংগ্ৰেছৰ পাচতে ৰাষ্ট্ৰীয় জনতা দলত আছে আটাইতকৈ অধিক দাগী নেতাৰ সংখ্যা ৷ Association of Democratic Reforms ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য ৷

দাগী বিধায়ক
দাগী বিধায়ক
author img

By

Published : Sep 16, 2020, 9:42 AM IST

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ: বিহাৰত নিৰ্বাচনী দৌৰৰ সমান্তৰালকৈ Association of Democratic Reforms এ ফাদিল কৰে এক তথ্য ৷ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় জনতা দলত কংগ্ৰেছ পাচতে আছে আটাইতকৈ অধিক দাগী নেতাৰ সংখ্যা ৷ এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীত এনে লোকৰ সংখ্যা একেবাৰেই তাকৰ ৷

Association of Democratic Reforms ৰ প্ৰতিবেদন মতে, 41 শতাংশ RJD নেতাৰ ওপৰত আছে অপৰাধৰ অভিযোগ ৷ য'ত কংগ্ৰেছৰ আছে 40 শতাংশ আৰু জনতা দল ইউনাইটেডৰ লগতে বিজেপিৰ ক্ৰমে 37 আৰু 35 শতাংশ নেতাৰ আছে অপৰাধৰ অভিযোগ ৷

প্ৰতিবেদন খনৰ সমীক্ষা 2015 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলৰ দ্বাৰা দাখিল কৰা শপতনামাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ৷

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, 11 গৰাকী বিধায়ক হত্যাৰ অভিযোগত আৰু 30 গৰাকী বিধায়ক হত্যাৰ চেষ্টাৰ অভিযোগত অভিযুক্ত হোৱাৰ লগতে, 5 গৰাকী মহিলাৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ ধাৰাৰ অন্তৰ্গত ৷ ইয়াৰোপৰি এগৰাকীৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগো আছে ৷

আনহাতে এই প্ৰতিবেদনত উল্লেখিত আন কেতবোৰ তথ্যৰ ভিতৰত আছে যে, 240 গৰাকী বিধায়কৰ ভিতৰত 67 গৰাকীয়েই কোটিপতি ৷ খাগাড়িয়াৰ বিধায়ক পুনম দেৱী বিহাৰ বিধানসভাৰ আটাইতকৈ অধিক ধনী বিধায়কৰ শীৰ্ষত আছে ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ'ল 41 কোটি টকা ৷ য'ত নেকি ভাগলপুৰৰ কংগ্ৰেছ বিধায়ক অজিত শৰ্মাৰ সম্পত্তিৰ পৰিমাণ 40 কোটি টকা আৰু ৰাণীগঞ্জৰ জেডিইউৰ বিধায়ক অস্মিত ঋষিদেৱৰ 9.6 লাখ টকাৰ সম্পত্তি আছে ৷

প্ৰতিবেদনত এইটোও উল্লেখ আছে যে, 240 গৰাকী বিধায়কৰ ভিতৰত 134 গৰাকী স্নাতকৰ ওপৰত ৷ এই ক্ষেত্ৰত 96 গৰাকী স্নাতক আৰু 9 গৰাকী কেৱল সাক্ষৰ ৷

লগতে পঢ়ক: উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.