ETV Bharat / bharat

বিহাৰত বজ্ৰপাতত পুনৰ 16 জনৰ মৃত্যু

author img

By

Published : Jul 20, 2020, 10:16 AM IST

বিগত 3 সপ্তাহত বিহাৰত বজ্ৰপাতত মৃত্যু হৈছে 160 জন ব্যক্তিৰ ৷ 25 জুনত সৰ্বাধিক মৃত্যু হৈছিল 25 জন ব্যক্তিৰ ৷ মৃতকৰ পৰিয়াললৈ 8 লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৷

Bihar lightning: 16 killed in fresh strikes across 9 districts
বিহাৰত ব্ৰজপাতত পুনৰ 16 জনৰ মৃত্যু

নিউজ ডেস্ক , 20 জুলাইঃ বিহাৰত বজ্ৰপাতত পুনৰ 16 জনৰ মৃত্যু ৷ গয়াত 4 জন , পূৰ্ণিয়াত 3 জন , বেগুচৰাই আৰু জামুনীত 2 জন আৰু পাটনা , শ্বাহাৰ্চা , উত্তৰ চম্পাৰণ মাধেপূৰা আৰু দ্বাৰভাংগা জিলাত বজ্ৰপাতত এজনকৈ লোকৰ মৃত্যু হয় বুলি প্ৰকাশ কৰিছে ৰাজ্যখনক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ উল্লেখযোগ্য যে , গয়া জিলাৰ চাৰিওজন ব্যক্তিৰেই পৃথক-পৃথক ঘটনাত মৃত্যু হয় ৷ সিংঘাৰা পট্টী নামৰ এটা অঞ্চলত এটা বজ্ৰপাতৰ ঘটনাত প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰ 3 জন সদস্যই ৷

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে ৷ ইতিমধ্যে, মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যেকটো পৰিয়াললৈ 8 লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে , প্ৰতিকুল বতৰৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণক সজাগ হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে নিজৰ সুৰক্ষাৰ স্বাৰ্থত সুৰক্ষিত স্থানত অৱস্থান কৰিবলৈ আহ্বান জনাইছে ৷ জনসাধাৰণক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশাৱলী সমূহ পালনৰো আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, বিগত 3 সপ্তাহত বিহাৰত বজ্ৰপাতৰ ঘটনাত মৃত্যু হৈছে 160 জনকৈ ব্যক্তিৰ ৷ 25 জুনত ৰাজ্যখনৰ 23 খন জিলাৰ বিভিন্ন প্ৰান্তত এটা দিনৰ সৰ্বাধিক 83 জন লোকে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছিল ৷ শেহতীয়াকৈ 10 জুলাইত চাৰিখন জিলাত বজ্ৰপাতত মৃত্যু হৈছিল 9 জন লোকৰ ৷

লগতে পঢ়কঃ মহাকাশ অনুসন্ধান গৱেষনাৰ বাবে তিৰুবনন্তপুৰমত উপস্থিত এটি বিশাল যন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.