ETV Bharat / bharat

জৰাজীৰ্ণ পথঃ বিহাৰৰ ক'লাকোল ৰাইজে ট্ৰেক্টৰত উঠি ভেটগ্ৰহণ কেন্দ্ৰত উপস্থিত - কংগ্ৰেছ নেতা ৰাহুল গান্ধী

বিহাৰৰ ক'লাকোল অঞ্চলৰ ধানিয়া গোৰিয়া গাঁৱৰ লোক সকলে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক তেওঁলোকৰ গাঁৱৰ পথটো পঁকী কৰি দিবলৈ দাবী জনাইছে ৷ কিয়নো ভোটদান কৰিবলৈ প্ৰায় 35 কিলোমিটাৰ দূৰ জৰাজীৰ্ণ পথৰে ট্ৰেক্টৰত উঠি যাত্ৰা কৰা বুলি জানিব দিয়ে ৷

Bihar elections: Kauakole people hire tractor to reach polling station
বিহাৰৰ ক'লাকোল ৰাইজে 35 কিলোমিটাৰ ট্ৰেক্টৰত উঠি ভেটগ্ৰহণ কেন্দ্ৰত উপস্থিত
author img

By

Published : Oct 28, 2020, 10:20 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ : বিহাৰৰ ক'লাকোল অঞ্চলৰ ধানিয়া গোৰিয়া গাঁৱৰ লোক সকলে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক তেওঁলোকৰ গাঁৱৰ পথটো পঁকী কৰি দিবলৈ দাবী জনাইছে ৷ কিয়নো তেওঁলোকে জৰাজীৰ্ণ পথৰে যাতায়ত অব্যাহত ৰাখিছে ৷ আনকি, ভোটদান কৰিবলৈ প্ৰায় 35 কিলোমিটাৰ দূৰ জৰাজীৰ্ণ পথৰে ট্ৰেক্টৰত উঠি যাত্ৰা কৰা বুলি জানিব দিয়ে ৷

গাঁওখনৰ বাৰ্মিকী প্ৰসাদ নামৰ এজন স্থানীয় বাসিন্দাই কয় যে, তেওঁলোকে আনকি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সময়ত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ বহুতো ৰোগী চিকিৎসালয়লৈ নিয়াৰ আগতে মৃত্যুবৰণ কৰে ৷ কিয়নো পথটোলৈ এম্বুলেন্স আহিব নোৱাৰে ৷

উল্লেখ্য যে, বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বুধবাৰৰ পৰা আৰম্ভ হৈছে আৰু 71 খন আসনৰ বাবে নিৰ্বাচন সম্পন্ন হ'ল । বিহাৰৰ 2 কোটিৰো অধিক ভোটাৰে প্ৰথম পৰ্যায়ত 1,066 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰচাৰৰ বাবে বিহাৰৰ আন প্ৰান্তত নিৰ্বাচনী ৰেলি সমূহত অংশগ্ৰহণ কৰিছে ৷

জানিবলগীয়া যে, বিহাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি, প্ৰথম পৰ্যায়ত অন্তত সন্ধিয়া 5 বজালৈ 51 শতাংশ ভোটদান সম্পন্ন হৈছে ৷

লগতে পঢ়ক : গাৰো স্বায়ত্তশাসিত পৰিষদ গঠন সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.