এক অত্যাধিক ধ্ৰুৱীকৰণ বাতাৱৰণত এন ডি এয়ে নিৰ্বাচনীয় পাশা খেলখনত তেওঁলোকৰ ভোটাৰসকলক লৈ ইমান নিখুঁতভাৱে কৌশল ৰচনা কৰা দেখা গৈছে যে য়াদৱ আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকলে লোৱা যিকোনো পদক্ষেপেই বিজেপিকহে আটাইতকৈ বেছি লাভান্বিত কৰিব ৷ বৰ্ণ পৰিদৃশ্য আৰু ইয়াৰ জনবিন্যাস বহুমাত্ৰিক হোৱাৰ বাবে মুছলিম আৰু য়াদৱ সকলৰ ভোটসমগ্ৰ এন.ডি.এৰ বিৰুদ্ধে বোৱাই নিয়াটো কঠিন হ’ব ৷
মুছলিম আৰু অ’.বি.চি সকলৰ মাজত নিটিশ কুমাৰৰ কেইবা দশকজোৰা যি গ্ৰহণযোগ্যতা আছে সেইয়া একেবাৰে বিলুপ্ত হৈ যোৱা নাই ৷ অৱশ্যে নিশ্চিতভাৱে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে সংসদত গ্ৰহণ কৰা কিছুমান সিদ্ধান্ত; যেনে নাগৰিকতা সংশোধনী আইন ইত্যাদিৰ ফলত বিশেষকৈ মুছলিম সমাজখনে এনেধৰণৰ আইনসমূহ তেওঁলোকৰ হিতৰ বিপৰীতে লোৱা বুলি ধাৰণা কৰাৰ বাবে তেওঁৰ গ্ৰহণযোগ্যতা কিছু পৰিমাণে হ্ৰাস পাইছে ৷
মুছলিম সম্প্ৰদায় আৰু অন্য পিছ পৰা সমূদায়ৰ লোকসকলকৰ ক্ষোভৰ উপশম কৰিবলৈ মুছলিম আৰু য়াদৱসকলৰ পৰা লোৱা পৰ্যাপ্ত পৰিমাণৰ প্ৰতিনিধিৰ জৰিয়তে বৰ্ণ ভাৰাষাম্য বজাই ৰখা হৈছিল ৷ এন.ডি.এৰ অংশীদাৰ জে ডি (ইউ) য়াদৱ আৰু মুছলিম উভয় সম্প্ৰদায়, লগতে কুৰ্মী সম্প্ৰদায়ৰ পৰা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সাজু হৈছে ৷ উল্লেখ্য যে নিটিশ কুমাৰ স্বয়ং কুৰ্মী সম্প্ৰদায়ৰ ব্যক্তি ৷
প্ৰায় ২৭ শতাংশ মুছলিম জনসংখ্যাৰ জিলা দাৰভাংগাৰ পৰা ফাৰাজ ফাটমিৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা আৰু বাৰেলৱি চিন্তাধাৰাৰ প্ৰমূখ মুছলিম ব্যক্তিত্ব, মৌলানা গোলাম ৰছুল বল্যাৱি, এম এল ছিয়ে যোৱা সপ্তাহত ৰাজহুৱাকৈ তেওঁৰ অনুগামী সকলক জে ডি (ইউ)ৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনোৱা বিষয়টোৱে এইটোকে প্ৰতিপন্ন কৰে যে নিটিশ কুমাৰে নিখুঁতভাৱেই সকলো পৰিকল্পনা কৰিছে ৷ বিহাৰৰ মুছলমান সকলকৰ এক বৃহৎ সংখ্যক মুছলমানৰ ওপৰত বৰেলৱিসকলৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে ৷
বৰ্তমানলৈকে জে ডি(ইউ)ৰ তৰফৰ পৰা ১৮ জন য়াদৱ সম্প্ৰদায়ৰ প্ৰাৰ্থী আৰু ১১ জন মুছলিম প্ৰাৰ্থীৰ সৈতে আৰ জে ডিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নমাটো; আৰ জে ডিৰ দৰে প্ৰমূখ প্ৰভাৱশালী দলৰ প্ৰচেষ্টাক ধূলিসাত কৰাৰ এইয়া এক শক্তিশালী ৰণকৌশল ৷
আৰ জে ডিৰ নেতা তেজ প্ৰতাপ য়াদৱৰ পূৰ্ৱৰ শহুৰ চন্দ্ৰিকা ৰয়েও জে ডি(ইউ)ৰ টিকেতত পাৰ্ছা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ উল্লেখ্য যে লালু প্ৰসাদৰ পুত্ৰই সম্বন্ধ হোৱাৰ ছমাহৰ পাচতেই চন্দ্ৰিকা ৰয়ৰ পুত্ৰীৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিছিল ৷ ৰয়ৰ পৰিয়াল আৰ জে ডিৰ সৈতে দীৰ্ঘ সময় জুৰি জৰিত আছিল ৷ আনকি ৰয়ৰ পিতৃ দাৰোগা প্ৰসাদে লালু প্ৰসাদৰ মন্ত্ৰী সভাত এজন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহো কৰিছিল ৷
জে ডি (ইউ)য়ে আৰ জে ডিক দিয়া আন এক আঘাত হ’ল জে ডি(ইউ) দলটোৱে জয়ৱৰ্দ্ধন য়াদৱক দিয়া জনাদেশ ৷ জয়ৱৰ্দ্ধন য়াদৱে ২০১৫ চনত পালিগঞ্জৰ আসনখনত আৰ জে ডিৰ হৈ জয়ী হৈছিল ৷ কিন্তু তেওঁ এইবাৰ জে ডি(ইউ)ৰ তৰফৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব ৷ নিটিশ কুমাৰে নিজৰ সম্প্ৰদায়ৰ মাজত গুৰুত্বপূৰ্ণ প্ৰভাৱ থকা কিছু প্ৰমূখ ব্যক্তিক তেওঁলোকৰ নিজৰ মানুহৰ বিৰুদ্ধেই থিয় কৰাইছে ৷
নিটিশ কুমাৰৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুছলিম আৰু য়াদৱ সম্প্ৰদায়ৰ লোকসকলে এই কথাৰ স্পষ্ট ইংগিত বহন কৰিছে যে তেওঁলোকৰ উভয় সম্প্ৰদায়েই অত্যধিক অসংগঠিত ক্ষেত্ৰৰ পৰা অহা লোক ৷ য়াদৱ আৰু মুছলিম সকলৰ মাজৰ পৰা প্ৰাৰ্থী আগবঢ়োৱাই বিভাজনকাৰী ৰাজনীতি কৰাৰ মূল কাৰণটো হ’ল; ইয়াক সুনিশ্চিত কৰা যে যদিহে জে ডি(ইউ)ৰ পক্ষত ভোটদান নহয় তেনেহ’লে মহাজোটবন্ধনৰ এক বৃহৎ সংখ্যক ভোট কমি যাব ৷
আনহাতে উচ্চবৰ্ণৰ ওপৰত বি জে পি আৰু কংগ্ৰেছৰ সমানেই দাবী থকা দেখা যায় ৷ তথাপিও বি জে পিয়ে অতি হিন্দুত্ব ৰূপটো প্ৰকাশ কৰিবলৈ লোৱা দিনাৰে পৰা কংগ্ৰেছৰ পৰিস্থিতি তেনেই দূৰ্বল হৈ পৰিছে ৷ মুছলিম আৰু অন্যান্য সম্প্ৰদায়ৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ কংগ্ৰেছে দেখুওৱা উদাৰবাদী নীতিয়ে ১৯৪৭ চনৰে পৰা চাৰি দশক ধৰি ফচল দি আহিছিল যদিও বৰ্তমান পৰিস্থিত কংগ্ৰেছৰ সেই নীতি ফলপ্ৰসু নহ’ব ৷ ১৯৯০ চনত উচ্চবৰ্ণৰ নেতাসকলৰ বিপৰীতে লালু প্ৰসাদ য়াদৱ, নিটিশ কুমাৰ আৰু ৰাম বিলাস পাছৱানৰ দৰে আন পিচপৰা সম্প্ৰদায়সমূহৰ নেতাসকলৰ উত্থানৰ ফলত ভোটৰ অংশীদাৰিত্ব ভাগ হ’বলৈ ধৰিলে অন্যথা ইয়াত এটা দলৰেই একধিপত্য চলি থাকিলহেতেন ৷
কংগ্ৰেছে উচ্চবৰ্ণৰ পৰা নেতাসকল বাচনি কৰিলে হেতেন আৰু বিধানসভাত অ’ বি চি তথা মুছলিমসকলৰ প্ৰতিনিধি অবিহনেই নিম্নবৰ্ণৰ লোকসকলৰ পৰা আনুগত্যতা আশা কৰিলে হেতেন ৷ এওঁলোকে নিজক প্ৰতিনিধিত্ব কৰিবলৈ কোনো কাম হাতত লোৱাৰ পূৰ্ৱেই কংগ্ৰেছৰ পৃষ্ঠপোষকতাত উচ্চবৰ্ণৰ নেতাসকলে তেওঁলোকৰ পাখি কাটি দিলেহেতেন ৷ বিহাৰৰ নিৰ্বাচনী ইতিহাসত কেনেকৈ নিম্নবৰ্ণৰ ৰাজনীতিবিদ সকল কেনেকৈ উচ্চবৰ্ণৰ ষড়যন্ত্ৰৰ বলি হ’ব লগা হয় তাৰ উৎকৃষ্ট উদাহৰণ দূৰ্গা প্ৰসাদ ৰায় আৰু কৰ্পুৰি ঠাকুৰৰ দৰে মূখ্য মন্ত্ৰীৰ কাৰ্যকাললৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় ৷ দুয়ো মূখ্য মন্ত্ৰীয়ে নিম্নবৰ্ণক সৱলিকৰণ কৰিবলৈ লোৱা উদ্যোগৰ কাৰণেই তেওঁলোকৰ কাৰ্যকাল চমুতে অন্ত পৰিছিল ৷
বিহাৰত বৰ্ণবাদৰ ধ্ৰুৱীকৰণৰ ফলতেই নিৰ্বাচনী প্ৰক্ৰিয়াত জনগণৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল ৷ কংগ্ৰেছে মূলতঃ উচ্চবৰ্ণৰ ৰাজনীতিৰ সুবিধা উপভোগ কৰিছিল আৰু ভোটাৰৰ সংখ্যাও তাকৰীয়া আছিল ৷ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগেই ৰাজ্যখনত কংগ্ৰেছৰ প্ৰভাৱো কমি আহিবলৈ ধৰিলে ৷ ৰাজ্যত সম্প্ৰদায়সমূহৰ গণতান্ত্ৰিকৰণৰ ফলত নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিলে ৷
আমি যদিহে পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ যাওঁ, তেনেহ’লে এইয়া হ’ব খণ্ডিত জনাদেশ, যাক জনসাধাৰণে ৰাজ্যৰ বিধানসভাৰ কাৰণে বাচনি কৰিছে, প্ৰকৃতপক্ষে তেওঁলোকেই ইয়াৰ অধিকাৰী; কিয়নো একক বহুমত সাব্যস্ত কৰা দলসমূহে ভাৰতৰ আটাইতকৈ পিচপৰা ৰাজ্য -- বিহাৰৰ জনসাধাৰণক সদায় শোষণ কৰি আহিছে ৷
১৯৫২ৰ পৰা ১৯৯৫ চনলৈকে প্ৰতিদ্বন্দীৰ বিপৰীতে ভোটাৰৰ হাৰ আছিল এনে ধৰণৰঃ
- ১৯৫২ চনত প্ৰতিদ্বন্দীৰ সংখ্যা আছিল ১৫৯৪
- ১৯৫২ চনত ভোটাৰ আছিল ৩৯.৭%
- ১৯৮৫ চনত প্ৰতিদ্বন্দীৰ সংখ্যা আছিল ৪২৩৭
- ভোটাৰৰ সংখ্যা আছিল ৫৬.৩%
- ১৯৯০ চনত প্ৰতিদ্বন্দীৰ সংখ্যা আছিল ৬৬২৯
- ভোটাৰ সংখ্যা আছিল ৬০%
- ১৯৯৫ চনত প্ৰতিদ্বন্দীৰ সংখ্যা আছিল ৮৪১০
- ভোটাৰ সংখ্যা আছিল ৬১%