ETV Bharat / bharat

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৬ দিনীয়া নিৰ্বাচনী অভিযান আৰম্ভ - Bihar CM Nitish Kumar to kickstart six day Bihar poll

১২ জুনত সমাপ্ত হ'বলগীয়া এই ৬ দিনীয়া অভিযানত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৩৮ খন জিলাৰ বুথ পৰ্যায়ৰ নেতা-কৰ্মীসহ দলীয় পৰ্যায়ৰ নেতাৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব ।

 মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৬ দিনীয়া নিৰ্বাচনী অভিযান আৰম্ভ

author img

By

Published : Jun 7, 2020, 4:28 PM IST

নেশ্যনেল ডেস্ক, ৭ জুন: জনতা দল (ইউনাইটেড)ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধান সভা নিৰ্বাচন আৰু কোভিড-১৯ক লৈ দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে বিহাৰৰ ৪ খন জিলা সীতামঢ়ী, শিৱহৰ, মধুবনী আৰু পূৱ চম্পাৰণৰ বুথ পৰ্যায়ৰ নেতা-কৰ্মীসহ দলীয় পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় । ১২ জুনত সমাপ্ত হ'বলগীয়া এই ৬ দিনীয়া অভিযানত মুখ্যমন্ত্ৰী কুমাৰে ৩৮ খন জিলাৰ দলীয় কেডাৰৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বহুসময় আগৰ পৰাই দলীয় নেতাসকলৰ সৈতে যোগাযোগ ৰাখি আহিছে যদিও কোভিড-১৯ৰ প্ৰকোপৰ পিছত এয়া প্ৰথমবাৰ অধিক সংখ্যক দলীয় নেতাৰ সৈতে আলোচনাত মিলিত হয় । উল্লেখ্য যে, এই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কুমাৰে চেফৰণ দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব । ইফালে চলিত বৰ্ষৰ অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত বিহাৰ বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৬ দিনীয়া অভিযানৰ তালিকাখন- ৭ জুন- সীতামঢ়ী, শেহৰ, মধুবনী আৰু পূৱ চম্পাৰণ । ৮ জুন- দৰভংগা, পূৰ্ণিয়া, কটিহাৰ, অৰৰিয়া, কিশনগঞ্জ, চহৰচা, চুপৌল আৰু মধেপুৰা । ৯ জুন- চীৱান, গোপালগঞ্জ, বৈশালী, চাৰণ । ১০ জুন- সমস্তীপুৰ, খগড়িয়া, বেগুচৰায়, ভাগলপুৰ, বাঁকা, মুংগেৰ, জমুই, শেখপুৰ আৰু লখীচৰায় । ১১ জুন- পাটনা, নালন্দা, ভোজপুৰ, ৰোহতাচ, কৈমুৰ আৰু বক্সৰ । ১২ জুন- জাহানাবাদ, অৰৱল, নৱাড়া, গয়া আৰু ঔৰংগবাদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.