নেশ্যনেল ডেক্স , 21 জানুৱাৰী : বিহাৰ শিক্ষা ব'ৰ্ডৰ ওপৰত এজন ছাত্ৰৰ অভিযোগ ৷ ৰাজ্যিক টেটৰ এজন পৰীক্ষাৰ্থীৰ প্ৰৱেশ পত্ৰত নামৰ লগত দক্ষিণ ভাৰতীয় অভিনেত্ৰী অনুপমা পৰমেশ্বৰণৰ ফটো মুদ্ৰণ কৰাক লৈ উঠিছে অভিযোগ ৷ 28 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মাধ্যমিক শিক্ষক যোগ্যতা পৰীক্ষাৰ আৰম্ভণিতেই বিহাৰ ব'ৰ্ডৰ এনে গাফিলতি পোহৰলৈ আহিছে ৷ ব'ৰ্ড পৰীক্ষাৰ বাবে অনলাইন যোগে প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ জাহানাবাদৰ মকদুমপমৰৰ বাসিন্দা ঋষিকেশ কুমাৰৰ প্ৰৱেশ পত্ৰত দক্ষিণ ভাৰতীয় অভিনেত্ৰী অনুপমা পৰমেশ্বৰণৰ ফটো মুদ্ৰণ হৈ আহিছে যদিও বিহাৰ ব'ৰ্ডে বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷
আৰু পঢ়ক : শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে