নিউজ ডেস্ক, 26 মাৰ্চঃ কৰ'ণা ভাইৰাছক সংক্ৰমণ আৰু ক্ৰমাৎ বৃদ্ধি পোৱা ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বলীউডৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনে আগবঢ়াইছে কৰ'ণা নিয়ন্ত্ৰণৰ এক অভিনৱ পন্থা ৷ দেশৰ চিকিৎসা খণ্ডৰ আন্তগাঠনিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাত ৰেলৰ দবাসমূহ আইচ'লেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে বিশিষ্ট অভিনেতাগৰাকীয়ে ৷ বিশেষ আপাতকালীন পৰস্থিতিত দেশজুৰি এই ব্যৱস্থাটো হাতত ল'ব পৰা যায়, যিহেতু সাম্প্ৰতিক সময়ত ৰেল চলাচল বন্ধ ৰখা হৈছে ৷ তেওঁ এক টুইটাৰ বাৰ্তা যোগে এই পৰামৰ্শ প্ৰদান কৰি কয় যে, এই অভিনৱ চিন্তাটো তেঁওৰ "ইনষ্টাগ্ৰাম পেজ"ত কোনো ব্যক্তিয়ে পৰামৰ্শ হিচাপে অৱগত কৰাইছিল ৷ বিগ বিয়ে সেই বিশেষ ব্যক্তিগৰাকীৰ টুইটাৰ প'ষ্টটো আগবঢ়াই দি কয় "এটা গঠনমূলক চিন্তা সকলো চৰকাৰী কৰ্তৃপক্ষলৈ আগবঢ়োৱা হ'ল ৷ সম্প্ৰতি ৰেল সেৱা স্থবিৰ ৷ ৰেলৰ দবাসমূহ অব্যৱহৃত হৈ আছে ৷ প্ৰতিখন ৰেলতে 20 টাকৈ কোঠা হিচাপে ধৰিলেও প্ৰায় তিনি হাজাৰ ৰেলত 60 হাজাৰ বিচনা সৃষ্টি কৰিব পৰা যাব৷ যাক আইচ'লেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ "
-
T 3481 - A most useful idea given on my Insta as a comment :
— Amitabh Bachchan (@SrBachchan) March 25, 2020 " class="align-text-top noRightClick twitterSection" data="
🙏🇮🇳👏 pic.twitter.com/iV0Ikcs4oV
">T 3481 - A most useful idea given on my Insta as a comment :
— Amitabh Bachchan (@SrBachchan) March 25, 2020
🙏🇮🇳👏 pic.twitter.com/iV0Ikcs4oVT 3481 - A most useful idea given on my Insta as a comment :
— Amitabh Bachchan (@SrBachchan) March 25, 2020
🙏🇮🇳👏 pic.twitter.com/iV0Ikcs4oV
অমিতাভ বচ্চনৰ এই প'ষ্টটোৰ পাচত তেওঁৰ অনুৰাগীসকলে ভূয়সী প্ৰশংসা কৰে ৷
লগতে চাওকঃ জাপানীজ নাগৰিকৰ প্ৰত্যাৱৰ্তনৰ বাবে বিমানৰ প্ৰৱেশত অনুমতি ভাৰতৰ