ETV Bharat / bharat

তেলাংগানাৰ নিজ গাঁৱক গৰ্বিত কৰিলে বাইডেনৰ বক্তৃতা লেখক বিনয় ৰেড্ডীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বক্তৃতা লেখক হিচাপে তেলাংগানাৰ নিজ গাঁৱৰ ৰাইজক গৰ্বিত কৰিলে ছোলেটী বিনয় ৰেড্ডীয়ে ৷

Biden's speechwriter Vinay Reddy makes his T'gana village proud
তেলাংগানাৰ নিজ গাঁৱক গৰ্বিত কৰিলে বাইডেনৰ বক্তৃতা লেখক বিনয় ৰেড্ডীয়ে
author img

By

Published : Jan 20, 2021, 5:41 PM IST

নিউজ ডেস্ক,20 জানুৱাৰী: যেতিয়া সমগ্ৰ বিশ্বই আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উদ্বোধনী ভাষণৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, সেই সময়তেই তেলাংগানাৰ এখন সৰু গাঁৱৰ ৰাইজে এই মুহুৰ্তটোক উদযাপন কৰিছিল ৷ কাৰণ বাইডেনৰ ভাষণটো লিখা ব্যক্তিগৰাকীৰ শিপাডাল এই গাঁৱতে আছে ৷

ছোলেটী বিনয় ৰেড্ডীক মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বক্তৃতা লেখক হিচাপে নিৰ্বাচিত কৰাত আনন্দিত হৈ পৰিছে হায়দৰাবাদৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্বত অৱস্থিত কৰিমনগৰ জিলাৰ পথীৰেড্ডীপেটাৰ গাঁৱৰ ৰাইজ ৷

গাঁওবাসীয়ে বিনয় ৰেড্ডীৰ পিতৃ নাৰায়ন ৰেড্ডীৰ কথা সুঁৱৰিছে ৷ উল্লেখ্য যে, 1970 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল নাৰায়ন ৰেড্ডী ৷ পথীৰেড্ডীপেটাৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি হায়দৰাবাদৰ পৰা এমবিবিএছ শিক্ষা সমাপ্ত কৰাৰ পিছতেই আমেৰিকালৈ উৰা মাৰে নাৰায়ন ৰেড্ডীয়ে ৷

লগতে পঢ়ক-হোৱাই হাউচৰ নিকটৱৰ্তী সদস্যৰ তালিকাত অন্তৰ্ভূক্ত হ’ল কেইবাগৰাকীয়ো ভাৰতীয়ৰ নাম

নাৰায়ন ৰেড্ডী আৰু তেওঁৰ পত্নী বিজয়া ৰেড্ডী এতিয়াও নিজ গাঁৱলৈ আহি নিজৰ আত্মীয়ক সাক্ষাৎ কৰে ৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত নাৰায়ন ৰেড্ডী আৰু তেওঁৰ পত্নী নিজ গাঁৱলৈ আহিছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ দ্বিতীয়টো কাৰ্যকালত উপ-ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বক্তৃতা লেখক হিচাপে নিয়োজিত আছিল বিনয় ৰেড্ডী ৷ ইয়াৰ পিছতে তেওঁ ৰাষ্ট্ৰীয় বাস্কেটবল সংস্থাৰ কুটনৈতিক যোগাযোগৰ উপ-সভাপতি পদত নিয়োজিত হৈছিল ৷

ইয়াৰ উপৰিও ওবামা-বাইডেনৰ দ্বিতীয়বাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মাৰ্কিন পৰিৱেশ সুৰক্ষা সংস্থা আৰু স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ জ্যেষ্ঠ বক্তৃতা লেখক হিচাপেও নিয়োজিত হৈ আছিল ৷ সম্প্ৰতি তেখেত পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে নিউ ইউয়ৰ্কত বাস কৰে ৷

লগতে পঢ়ক-বাইডেনৰ ৰাষ্ট্ৰপতি কাল কেনেকুৱা হ’ব?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.