নিউজ ডেস্ক, 2 জানুৱাৰী : চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল সংস্থাই 1 জানুৱাৰী আৰু 2 জানুৱাৰীত অনুষ্ঠিত কৰা আলোচনাত ভাৰতত নিৰ্মিত দুটাকৈ কোভিড প্ৰতিষেধকj জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে ৷ শনিবাৰে এই কথা প্ৰকাশ কৰিছে সংস্থাটোৱে ৷ সেই অনুসৰি, হায়দৰাবাদৰ ভাৰত বায়’টেক আৰু পুনেৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা কোভিড প্ৰতিষেধক কোভাক্সিন আৰু চিৰাম প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন প্ৰদান কৰিছে সংস্থাটোৱে ৷
লগতে পঢ়ক : দেশত আৰম্ভ কভিড ১৯ ভাইৰাছৰ টীকাকৰণ অভিযান
সংস্থাৰ বিষয় বিশেষজ্ঞ কমিটীয়ে শনিবাৰে এই কথা প্ৰকাশ কৰি কোভাক্সিন আৰু চিৰাম প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰৰ লগতে আহমেদাবাদস্থিত কাদিলা হেলথকেয়াৰে প্ৰস্তুত কৰা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণত চূড়ান্ত অনুমোদন প্ৰদান কৰিছে ৷
ভাৰত বায়’টেকে বিগত বৰ্ষৰ 7 ডিচেম্বৰত ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াক কোভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰি আবেদন জনাইছিল ৷ আইচিএমআৰৰ সহযোগত ভাৰত বায়’টেকে প্ৰস্তুত কৰি তোলা কোবিড-19ৰ প্ৰতিষেধক কোভাক্সিনৰ সমগ্ৰ দেশতে ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰা হৈছিল আৰু এই পৰীক্ষণৰ সময়ত কোনো পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহা নাছিল ৷
লগতে পঢ়ক : সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক
শুকুৰবাৰে চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল সংস্থাই অক্সফৰ্ড-অস্ত্ৰাজেনেকাই প্ৰস্তুত কৰা কোভিডশ্বীল্ড প্ৰতিষেধকৰ ব্যৱহাৰটো অনুমোদন জনাইছিল ৷ ডিজিচিআইয়ে এইসমূহ প্ৰতিষেধকৰ সম্পূৰ্ণ ব্যৱহাৰত অন্তিম অনুমোদন প্ৰদান কৰিব ৷
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্য়েই সমগ্ৰ দেশতে কোভিড-19 প্ৰতিষেধকৰ টীকাকৰণ আৰম্ভ কৰিছে ৷ প্ৰথম পৰ্যায়ত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 30 কোটি জনতাক প্ৰতিষেধক প্ৰদান কৰাৰ লগতে এই টীকাকৰণত 1 কোটি হেলথকেয়াৰ ৱৰ্কাৰ, 2 কোটি ফ্ৰন্টলাইন আৰু অত্যাৱশ্যকীয় ৱৰ্কাৰ আৰু 50 বছৰৰ উৰ্ধৰ 27 কোটি লোকক টীকাকৰণ কৰিছে ৷
লগতে পঢ়ক : দেশবাসীক ক'ভিড মুক্ত কৰাটো আমাৰ দায়িত্ব: হৰ্ষ বৰ্ধন