ETV Bharat / bharat

কৰ’ণা ভাইৰাচৰ বাবে নেজেল ড্ৰপ প্ৰস্তুত কৰি আছে ভাৰত বায়’টেকেঃ ড৹ কৃষ্ণ এল্লা

author img

By

Published : Nov 16, 2020, 10:09 PM IST

ভাৰত বায়’টেকৰ অধ্যক্ষ আৰু মেনেজিং ডাইৰেক্টৰ কৃষ্ণ এল্লাই কয়, সম্প্ৰতি ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডৰ বায়’ চেফটি পৰ্যায় 3ৰ সুবিধাসমূহৰ সম্প্ৰতি সীমিত ক্ষমতাহে আছে কিন্তু আশা কৰা হৈছে আগন্তুক বৰ্ষত ই এক বিলিয়ন ড’জত উপস্থিত হ’বলৈ সক্ষম হ’ব ৷ "আমি ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ সৈতে মিত্ৰতা কৰিছো আৰু আমি পৰীক্ষণৰ তৃতীয় পৰ্যায়ত উপস্থিত হৈছো ৷ কিন্তু মই ইয়াক লৈ সন্তুষ্ট নহয় কাৰণ যদি আমি 1.3 বিলিয়ন লোকক দুটা ড’জৰ ভেকচিন প্ৰদান কৰিবলগীয়া হয় তেন্তে ইয়াৰ বাবে আমাক 2.6 বিলিয়ন চিৰিঞ্জৰ প্ৰয়োজন হ’ব ৷"

Bharat Biotech working on nasal drops for corona virus: Dr. Krishna Ella
কৰ’ণা ভাইৰাচৰ বাবে নেজেল ড্ৰপ প্ৰস্তুত কৰি আছে ভাৰত বায়’টেকেঃ ড৹ কৃষ্ণ এল্লা

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰঃ সোমবাৰে হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অব বিজনেছৰ এক অনলাইন বৈঠকত অংশগ্ৰহণ কৰে ভাৰত বায়’টেকৰ অধ্যক্ষ ড৹ কৃষ্ণ এল্লাই ৷ এই বৈঠকতে তেখেত কোভিক্সিনৰ শেহতীয়া উন্নয়ন আৰু ই উপলব্ধ হোৱাৰ ওপৰত মন্তব্য কৰে ৷ ভাৰতৰ প্ৰথমটো দেশীয় কৰ’ণা ভাইৰাচৰ দৰৱ ‘কোভিক্সিন’এ ইতিমধ্যে মানৱ পৰীক্ষণৰ তৃতীয় পৰ্যায়ত উপনীত হৈছে ৷ দুটা ইনজেক্টেবল ড’জত প্ৰায় 1.3 বিলিয়ন লোকক কিদৰে ভেকচিন প্ৰদান কৰা হ’ব সেই সন্দৰ্ভত যুক্তিগত প্ৰশ্ন উত্থাপন কৰিছিল ভাৰত বায়’টেকে ৷

ভাৰত বায়’টেকৰ অধ্যক্ষ আৰু মেনেজিং ডাইৰেক্টৰ কৃষ্ণ এল্লাই কয়, সম্প্ৰতি ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডৰ বায়’ চেফটি পৰ্যায় 3ৰ সুবিধাসমূহৰ সম্প্ৰতি সীমিত ক্ষমতা আছে কিন্তু আশা কৰা হৈছে আগন্তুক বৰ্ষত ই এক বিলিয়ন ড’জত উপস্থিত হ’বলৈ সক্ষম হ’ব ৷ "আমি ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ সৈতে মিত্ৰতা কৰিছো আৰু আমি পৰীক্ষণৰ তৃতীয় পৰ্যায়ত উপস্থিত হৈছো ৷ কিন্তু মই ইয়াক লৈ সন্তুষ্ট নহয় কাৰণ যদি আমি 1.3 বিলিয়ন লোকক দুটা ড’জৰ ভেকচিন প্ৰদান কৰিবলগীয়া হয় তেন্তে ইয়াৰ বাবে আমাক 2.6 বিলিয়ন চিৰিঞ্জৰ প্ৰয়োজন হ’ব ৷"

তেখেতে আৰু কয়,"আমি অন্য এটি একক নেজেল ড্ৰপ ভেকচিনৰ ওপৰত কাম কৰি আছো ৷ আমাৰ ৰোটাভাইৰাচ আৰু পলিঅ’ৰ নেজেল ড্ৰপ প্ৰস্তুত কৰাৰো অভিজ্ঞতা আছে ৷ আমি 1 বিলিয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’ম আৰু মই ভাবো যে অহা বছৰৰ ভিতৰত আমি এই লক্ষ্যত উপনীত হ’ম ৷ প্ৰত্যাহ্বানটো প্ৰায় 1.3 বিলিয়ন জনসংখ্যাক ভেকচিন প্ৰদান কৰাটো ৷ ইয়াৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ 6 বিলিয়ন লোকক ভেকচিন প্ৰদান কৰিব লাগিব ৷ বৈজ্ঞানিক হিচাপে মই নিজৰ কাৰ্য কৰিছো ৷ আপোনালোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে এই ভেকচনিৰ প্ৰয়োজন খুব কম হ’ব ৷"

উল্লেখ্য যে, চলিত বৰ্ষত চেপ্তেম্বৰত ঘোষণা কৰিছিল যে ‘single-dose intranasal’ ভেকচিন প্ৰস্তুতৰ বাবে ভাৰত বায়’টেকে মচুৰিৰ চেইন্ট লুইচৰ ৱাচিংটন ইউনিভাৰ্চিটিৰ সৈতে মিত্ৰতা কৰিছে ৷

লগতে পঢ়ক-সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.