প্ৰশ্ন : প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা চলিছে নেকি ? আপোনাৰ কোম্পানীয়ে এক সফল প্ৰতিষেধকৰ ঘোষণা কৰিব পাৰিবনে ?
উত্তৰ : সাধাৰণতে এটা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াবলৈ 14-15 বছৰৰ প্ৰয়োজন হয় ৷ 14-15 বছৰৰ কাম এটা বছৰত কৰাটো আমাৰ বাবে কঠোৰ প্ৰত্যাহ্বানমূলক ৷
প্ৰশ্ন : তেন্তে আপোনালোকে অতি কম সময়তে এই কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব ৷ এয়াও এক সফলতা বুলি গণ্য কৰিব পাৰি ৷ কিন্তু এয়া বৈশ্বিক সহযোগিতাৰ বাবে হৈছেনে ? এই ক্ষেত্ৰত বহুসংখ্যক বৈজ্ঞানিক সাহিত্যও আছে সেয়েহে গৱেষকসকলে সকলো কথা মুকলিকৈ কৈছে ৷ বৈজ্ঞানিক সাহিত্যই আপোনালোকক সহায় কৰিলেনে ?
উত্তৰ : 2-3 মাহৰ পূৰ্বে COVID-19 ৰ ক্ষেত্ৰত কোনো সাহিত্য জড়িত হৈ থকা নাছিল ৷ বিভিন্ন ধৰণৰ তথ্য প্ৰকাশ পাইছিল আৰু মই গৌৰৱান্বিত যে, চীন আৰু আমেৰিকাই এই তথ্যসমূহ সকলোৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ সেয়ে এটা ভাল কথা ৷ কিন্তু, উৎপাদকৰ তৰফৰ পৰা চাবলৈ গ'লে এনে কোনো তথ্য প্ৰকাশ পোৱা নাই ৷ যি তথ্য প্ৰকাশ পাইছে সেয়ে জীৱ-জন্তু আৰু ক্লিনিকেল পৰীক্ষাৰ পৰা লাভ কৰা তথ্য ৷ উৎপাদন সদায়ে এক গুপুত ব্যৱসায় ৷ সেয়েহে এই বিষয়টো কোনেও প্ৰকাশ নকৰে ৷ এই তথ্যসমূহ কোম্পানীৰ ভিতৰতে থাকে ৷
প্ৰশ্ন : আপুনি জনাব বিচাৰিব নেকি ট্ৰায়েল প্ৰক্ৰিয়া কিদৰে আৰম্ভ হয় আৰু বজাৰত প্ৰতিষেধক মুকলি কৰাৰ পূৰ্বে কি কি পৰ্যায় পাৰ কৰিবলগা হয় ?
উত্তৰ : নেশ্যনেল ইনষ্টিটিউট অৱ ভিৰ'লোজী (NIV), পুনেই ভাইৰাছবিধক পৃথক কৰি ৰাখিছে ৷ তেওঁলোকে ভাইৰাছবিধৰ প্ৰকৃতিসমূহ ধৰা পেলাইছে আৰু আমাৰ ভাইৰাছবিধ প্ৰদান কৰিছে ৷ ইয়াৰ পাচতে আমি R&D batch আৰু GMP batch উৎপাদন কৰি উলিয়াইছো ৷ মানুহৰ দেহত প্ৰদান কৰিবলগা Good Manufacturing Practise (GMP) batch ত উৎপাদন কৰি উলিওৱা হ'ব ৷
লগতে পঢ়ক : ৰাজস্থানৰ এখন কাৰাগাৰক কোভিড-১৯ হট্ স্পট হিচাপে ঘোষণা
তিনিটা বেটচ উৎপাদন কৰি উলিওৱাৰ পাচত দুই প্ৰক্ৰিয়াৰে ইয়াক পূৰণ কৰা হ'ব ৷ ইয়াৰে এটা স্থিৰতা (stability) আৰু আনটো জীৱ-জন্তৰ বিষ বিজ্ঞান (animal toxicology) কৰা হ'ব ৷ ইয়াৰ পাচতে তিনিটা animal toxicology নিগনি, এন্দুৰ আৰু শহাপহুৰ ওপৰত কৰা হ'ব ৷ জন্তুক আমি 1-2 পালি প্ৰতিষেধক দিম ৷
ইয়াৰ পাচতে আমি প্ৰথম পৰ্যায় আৰু দুটা ক্লিনিকেল ফৰমেচন কৰিম ৷ প্ৰথম পৰ্যাত 28 দিনীয়া পৰীক্ষণ চলিব আৰু COVID-19 মুক্ত লোকক বিচাৰি উলিয়াবৰ বাবে বাবে serology analysis কৰা হ'ব ৷ পৰীক্ষণৰ বাবে rt-pcr পৰীক্ষণৰ পাচত স্বয়ংসেৱক সকলক লাভ কৰাৰ পাচতে 28 দিনৰ বাবে প্ৰতিষেধকৰ পালি প্ৰদান কৰা হ'ব আৰু 28 দিনৰ দিনা নমুনা সংগ্ৰহ কৰা হ'ব ৷ ইয়াৰ পাচতে serology কৰা হ'ব ৷ দেহত প্ৰৱেশ কৰা এন্টিবডিয়ে ভাইৰাছবিধ দেহত বৃদ্ধি হোৱাত বাধা প্ৰদান কৰিব ৷ এই প্ৰক্ৰিয়াক নিস্ক্ৰীয়কৰণ প্ৰক্ৰিয়া (neutralisation) বুলি কোৱা হয় ৷
আমি তেজৰ নমুনা সংগ্ৰহ কৰি BSL-3 গৱেষণাগাৰত ৰাখিম আৰু ভাইৰাছ বিধে প্ৰসাৰ লাভ কৰিবলৈ সুবিধা নাপাব ৷ ইয়াৰ পাচত আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায় পাম ৷ এয়া এক দীঘলীয়া প্ৰক্ৰিয়া ৷
প্ৰশ্ন : প্ৰতিষেধকৰ লাভ কৰাৰ আমি আৰু কিমান ওচৰত ?
উত্তৰ : নিশ্চিতভাৱে আমি প্ৰতিষেধক লাভ কৰিম ৷ আমি তিনিটাকৈ প্লেটফৰ্মত ইয়াৰ বাবে কাম কৰি আছো আৰু দুটা প্লেটফৰ্মত সফল হ'ব বুলি আমি নিশ্চিত ৷ শতকৰ ঘৰত R&D কোম্পানী আছে যদিও কিছু সংখ্যক কোম্পানীৰহে প্ৰতিষেধক প্ৰস্তুত কৰাৰ অভিজ্ঞতা আছে ৷
প্ৰশ্ন : নীতি আয়োগে জানিবলৈ দিয়া অনুসৰি, ভাৰতত ছয়টা প্ৰাৰ্থীয়ে প্ৰতিষেধক প্ৰস্তুতিৰ তালিকাত স্থান লাভ কৰিছে ৷ ভাৰতীয় উৎপাদকে বিষয়টো কেনেদৰে অৱলোকন কৰিছে ৷ ভাৰতীয় গৱেষণাগাৰ আৰু উৎপাদকৰ মাজৰ অনুপাত কেনেধৰণৰ ?
উত্তৰ : ভাৰতৰ অধিক সংখ্যক উৎপাদকেই প্ৰতিষেধকৰ প্ৰস্তুতিৰ সৈতে জড়িত আছে যদিও R&D কোম্পানী বহু কম ৷ গুণগত মানদণ্ড নিয়ন্ত্ৰণ আৰু প্ৰতিষেধকৰ গৱেষণাত তেওঁলোকৰ বিশেষ পাৰদৰ্শিতা নাই ৷
লগতে পঢ়ক : ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে
এয়া এক দীঘলীয়া প্ৰক্ৰিয়া ৷ আমেৰিকাত বহু R&D কোম্পানী আছে ৷ ভাৰতত প্ৰস্তুতকাৰী কোম্পানীসমূহেই R&D কোম্পানীও হয় ৷ ভাৰত বায়'টেকো এটা R&D কোম্পানী আৰু বৰ্তমান ইয়াত বৰ্তমান 100 ৰো অধিক বিজ্ঞানীয়ে কাম কৰি আছে ৷
প্ৰশ্ন : BSL-3 কি হয় জনাব বিচাৰিব নেকি ?
উত্তৰ : BSL মানে হৈছে Bio Safety Level ৷ সৰ্বনিম্ন কেটেগৰী হৈছে BSL-1 আৰু সৰ্বোচ্চ কেটেগৰী হৈছে BSL-3 ৷ আমাৰ ওচৰত BSL গৱেষণাগাৰো আছে ৷ BSL-3 পৰ্যায়ৰ উৎপাদন কৰা ভাৰত বায়'টেকেই একমাত্ৰ কোম্পানী ৷ চীনেও শেহতীয়াকৈ এটা BSL-3 পৰ্যায়ৰ গৱেষণাগাৰ নিৰ্মাণ কৰিবলৈ 200 মিলিয়ন আমেৰিকান ডলাৰ মুকলি কৰি দিছে ৷ আমেৰিকাতো এনে এক গৱেষণাগাৰ নিৰ্মাণ হ'ব ৷
BSL-3 গৱেষণাগাৰ ভাৰতত নথকা হ'লে নিষ্ক্ৰীয় জীৱিত ভাইৰাছ প্ৰস্তুত কৰিব নোৱাৰিলোহেঁতেন ৷ বৰ্তমান আমি সঠিক পথত পৰিচালিত হৈ আছো ৷
প্ৰশ্ন :অসক্ৰিয় প্ৰতিষেধক প্ৰস্তুতিৰ ক্ষেত্ৰত বহু উৎপাদকে vero cell technology ব্যৱহাৰ কৰে ৷ ভাৰত বায়'টেকেও একে প্লেটফৰ্ম ব্যৱহাৰ কৰিছে নে অন্যান্য উপায় গ্ৰহণ কৰিছে ?
উত্তৰ : আমিও এক প্লেটফৰ্ম ব্যৱহাৰ কৰিছো ৷ বেলেগ প্লেটফৰ্ম ব্যৱহাৰ কৰিলে নিয়ামক বাধাৰ সৃষ্টি হয় ৷ মই দুই ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিম cell culture আৰু virus ৷ দুটাকৈ সামগ্ৰীৰ প্ৰকৃতি নিৰূপন কৰিব যাওঁতে ই জটিল হৈ পৰে ৷ vero cell technology এই ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত ৷ ইয়াৰোপৰি, vero cell ৰ জৰিয়তে আমি 7-8 টা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছো ৷
প্ৰশ্ন : প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হ'লে আপোনালোকে বৈশ্বিক চাহিদা লাভ কৰিব ৷ আপোনালোকৰ উৎপাদন কিদৰে বৃদ্ধি কৰিব ?
উত্তৰ : আমি প্ৰাৰম্ভিক পৰ্যায়ত আছো- কিদৰে ভাইৰাছ বিধৰ প্ৰসাৰ ঘটাব লাগে, GMP batch কিদৰে প্ৰস্তুত কৰিব লাগে, কিদৰে toxicology কৰিব লাগে আৰু ক্লিনিকেল ট্ৰায়েল কৰিব লাগে ৷ একেদৰে আমি উৎপাদন বৃদ্ধিৰ ওপৰতো কাম কৰি আছো ৷
লগতে পঢ়ক : ভাৰতত ক’ভিড মুক্ত হোৱা লোকৰ সংখ্যা ৫৯.৪৩ শতাংশ
চবকা ৰোগৰ প্ৰতিষেধক Rotavirus প্ৰস্তুতিত আমি বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছো ৷ ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে, আমাৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ সক্ষমতা আছে ৷ কিন্তু এই ভাইৰাছ সম্পৰ্কত নিশ্চিতি প্ৰদান কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব ৷
প্ৰশ্ন : COVID-19 ৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা চৰকাৰ তথা অন্যান্য ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ পৰা আপুনি কেনেধৰণৰ সহায় লাভ কৰিছে ?
উত্তৰ : চৰকাৰে বহু সক্ৰিয় হৈ আছে ৷ এই প্ৰতিষেধকটো ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বত আছে ৷ প্ৰস্তুতকাৰী হিচাপে, আমাৰ কিছু সীমাবদ্ধতা থাকে ৷ R&D সহজ কিন্তু এবিধ সামগ্ৰী বিতৰণ কৰাৰ সময়ত সুৰক্ষা আৰু নিপুনতা সম্পৰ্কতো গুৰুত্ব দিব লাগিব ৷
প্ৰশ্ন : COVID-19 ৰ বহু কেইটা প্ৰকৃতি আছে ৷ প্ৰতিটো প্ৰকৃতি নিৰাময়ৰ বাবে বেলেগ বেলেগ প্ৰতিষেধকৰ প্ৰয়োজন হ'ব নেকি ?
উত্তৰ : RNA (ribonucleic acid) ভাইৰাছৰ বহু খৰকৈ পৰিৱৰ্তন হয় ৷ আচলতে, এবিধ ভাইৰাছ হৈছে নিৰ্জীৱ জীৱ, ই নিজাকৈ সম্প্ৰসাৰণ ঘটাব নোৱাৰে ৷ ইয়াৰ বাবে ভাইৰাছবিধে মানুহৰ দেহত প্ৰৱেশ কৰিব লাগিব আৰু সম্প্ৰসাৰণৰ বাবে মানৱ দেহত বিভিন্ন অংগ ব্যৱহাৰ কৰিব লাগিব ৷
মানৱ দেহত বৰ্তী থাকিবৰ বাবে ই বিভিন্ন ধৰণে যুঁজ চলাই থাকে ৷ COVID-19 ৰ জিনে হৃদপিণ্ডত আক্ৰমণ কৰে ৷ সেয়েহে mutation হ'লে বেলেগ প্ৰতিষেধকৰ প্ৰয়োজন হ'ব পাৰে ৷ কিন্তু, বৰ্তমান চাবলৈ গ'লে এই ক্ষেত্ৰত অধিক সালসলনিৰ প্ৰয়োজন নাই ৷
প্ৰশ্ন : COVID-19 ৰ প্ৰতিষেধকৰ পেটেন্টৰ ক্ষেত্ৰত ভাৰত বায়'টেকে কিদৰে চকু দিছে ?
উত্তৰ : প্ৰস্তুতকাৰী হিচাপে এটা কাৰণ দৰ্শাই আমি পেটেন্ট ফাইল কৰিব লাগে ৷ মই অন্যান্য প্ৰস্তুতকাৰীক এইটো প্ৰমাণ কৰিব লাগিব যে, তেওঁলোকৰ পূৰ্বেই মি এই কাম সমাধান কৰিছো ৷ মই নিবিচাৰো MNC আহি মোক পেটেন্টৰ নিয়ম উলংঘা কৰিছো বুলি কওঁক ৷ সেয়েহে বিশ্বৰ বিভিন্ন স্থানত আমাৰ 160 টা পেটেন্ট আছে ৷
প্ৰশ্ন : প্ৰতিষেধকৰ মূল্য সাধাৰণ লোকৰ কথা চিন্তা কৰি নিৰ্ধাৰণ কৰা হ'বনে ?
উত্তৰ : ৰোটাভাইৰাছৰ প্ৰতিষেধক আমেৰিকাত 65 ডলাৰ আৰু ইউৰোপত 80 ডলাৰত বিক্ৰী হৈছিল ৷ আমি প্ৰধানমন্ত্ৰীক জনাইছিলো যে, আমি প্ৰতিটো পালি 1 ডলাৰত বিক্ৰী কৰিম ৷ বিশ্বৰ ভিতৰতে আমি কম মূল্যত বিক্ৰী কৰি আছো ৷ COVID-19 প্ৰতিষেধকৰ ক্ষেত্ৰতো আমি চীনতকৈ দহ গুণ কমকৈ ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিম ৷
মই জনাব বিচাৰো যে, চৰকাৰৰ পৰা আমি কোনো অৰ্থ সাহাৰ্য লোৱা নাই ৷ ইয়াৰ কাৰণ হৈছে দেশে অৰ্থনৈতিক সংকটত ভূগি থকাৰ সময়ত আমি অৰ্থ সাহাৰ্য ল'ব বিচৰা নাই ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আমি জনসাধাৰণৰ জীৱনক মূল্য দিব লাগিব ৷
লগতে পঢ়ক : চত্তিশগড়ৰ দন্তেৱাৰাত জিলা উপায়ুক্তৰ সন্মুখত ১৮ মাওবাদীৰ আত্মসমৰ্পন
প্ৰশ্ন : যিহেতু এয়া ব্যতিক্ৰমী সময় সেয়েহ আপোনাৰ কৰ্মচাৰীসকলক কিদৰে এই কামৰ বাবে সন্মত কৰিছিল ?
উত্তৰ : যোৱা দুটা মাহত আমি উদ্বিগ্ন হৈ পৰিছিলো ৷ কিদৰে চীন আৰু অন্য দেশৰ সমপৰ্যায়ত কাম কৰিব পাৰিম ৷ যিহেতু 4 মাহ পিছপৰি ৰৈছিলো সেয়েহে আমাৰ ওপৰত বহু চাপ পৰিছিল ৷
মোৰ কৰ্মচাৰীসকলে BSL-3 কনটেইনমেন্টত কাম কৰি থাকিব লগা হৈছে ৷ মোৰ কৰ্মচাৰীসকলৰ ওচৰত মই সদায়ে কৃতজ্ঞ ৷ যোৱা দুটা মাহত তেওঁলোকে নিজৰ পৰিয়ালৰ সৈতে মিলিত হ'ব পৰা নাই ৷ ভাইৰাছেৰে ভৰ্তি হৈ থকা এটা অঞ্চলত তেওঁলোকে কাম কৰি আছে ৷
প্ৰথম পৰ্যায় আৰম্ভ হোৱাৰ পাচতে আমি তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবৰ বাবে প্ৰতিষেধক প্ৰদান কৰিম ৷ মই ভাৱো যে, আমাৰ কৰ্মচাৰীসকল আমাৰ আৰু দেশৰ বাবে বৃহৎ উপহাৰ ৷
প্ৰশ্ন: এই ভাইৰাছবিধ কেতিয়া নাইকিয়া হ'ব ? এই বৃহৎ সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ'ব নেকি ? আমি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম ?
উত্তৰ: অহা বছৰ পৰ্যন্ত প্ৰায় 1.3 বিলিয়ন লোকক প্ৰতিষেধক প্ৰদান কৰিব পৰা যাব ৷ চৰকাৰে এই ক্ষেত্ৰত আমাক সহায় কৰিলে এয়া সম্ভৱ হৈ উঠিব ৷
লগতে পঢ়ক : দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য