নিউজ ডেস্ক,14 আগষ্ট : মঙলবাৰে বেংগালুৰুত হোৱা সংঘৰ্ষৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কংগ্ৰেছৰ পাৰিষদ ইৰ্শাদ বেগমৰ স্বামী কলিম পাশাৰ সৈতে অন্য 60 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ বেংগালুৰুত হোৱা উক্ত সংঘৰ্ষৰ তদন্ত কৰিবলৈ চাৰিটা দল গঠন কৰি দিয়া হৈছে ৷
বেংগালুৰু আৰক্ষীৰ অপৰাধ শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত সন্দীপ পাটিলে কয় যে," কংগ্ৰেছৰ পাৰিষদ ইৰ্শাদ বেগমৰ স্বামী কলিম পাশাৰ লগতে অন্য 60 জন লোকক বেংগালুৰুৰ হিংসাত্মক কাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ৷ "
উল্লেখ্য যে, বেংগালুৰু আৰক্ষীয়ে বেংগালুৰুৰ উক্ত হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত কংগ্ৰেছ বিধায়ক শ্ৰীনিবাস মুৰ্তিৰ ভতিজা নবীনৰ লগতে সৰ্বমুঠ 206 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে,এক বিতৰ্কিত পোষ্টৰ পাছত বেংগালুৰুৰ ডিজে হল্লী আৰু কেজি হল্লী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চল সমূহত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ উত্তেজিত লোকে কেবাখনো বাহন আৰু ঘৰত জুই জ্বলাই দিছিল ৷ হিংসাত্মক ঘটনা আৰু জনসমাগমক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও 50 গৰাকী আৰক্ষীৰ লোক আহত হৈছিল ৷
লগতে পঢ়ক : সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা