ETV Bharat / bharat

পত্নীক বিচাৰি শহুৰৰ ঘৰৰ সন্মুখত ধৰ্ণা স্বামীৰ - শহুৰৰ ঘৰৰ পদূলিত জোঁৱাই

হাতত প্লে'কাৰ্ড লৈ শহুৰৰ ঘৰৰ পদূলিত জোঁৱাইৰ বিক্ষোভ প্ৰদৰ্শন । পত্নীক উভতাই দিয়াৰ দাবীত ধৰ্ণা প্ৰদৰ্শন কৰিলে স্বামীয়ে । পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা । সহায় বিচাৰি স্থানীয় ৰাইজক কাতৰ অনুৰোধ জনালে আলোক মল্লিক নামৰ লেকজনে।

পশ্চিমবংগত পত্নীক বিচাৰি শহুৰৰ ঘৰৰ সন্মুখত ধৰ্ণা স্বামীৰ

author img

By

Published : Sep 28, 2020, 7:12 PM IST

নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ: আজৱ হ'লেও সত্য। পশ্চিমবংগৰ নদিয়া জিলাত পত্নীক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে আলোক মল্লিক নামৰ এজন লোকে । উপায়হীন হৈ শহুৰৰ ঘৰৰ সন্মুখতে ধৰ্ণা প্ৰদৰ্শন কৰিলে আলোক মল্লিকে । মাতৃগৃহলৈ ফুৰিবলৈ অহাৰ পিছৰে পৰা শুং-সূত্ৰ নাই পত্নীৰ । স্থানীয় লোকে প্ৰকাশ কৰা তথ্য অনুসৰি সংগীতা ঘোষ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আলোক মল্লিকৰ । প্ৰেমৰ পৰিণতিত দুয়ো বিবাহপাশত আবদ্ধ হয় যদিও সংগীতাৰ পৰিয়ালৰ লোকে এই সম্পৰ্কৰ বিৰোধিতা কৰি আহিছিল ।

ফটোগ্ৰাফী ষ্টুডিঅ'ৰ জৰিয়তে জীৱিকা অৰ্জন কৰা আলোকে হিন্দু ৰীতি-নীতিৰে মন্দিৰত বিবাহ সম্পন্ন কৰে আৰু পিছত আইনীভাৱে বিবাহৰ পঞ্জীয়নো কৰায় । স্বামী আলোক মল্লিকে দাবী কৰে যে, কিছুদিন পূৰ্বে সোনাখলী গাঁৱত থকা পিতৃগৃহলৈ ফুৰিবলৈ আহিছিল সংগীতা । তাৰ পিছৰে পৰা সংগীতাৰ পৰিয়ালে মাৰ-পিট কৰি আন ঠাইত সংগীতাক লুকুৱাই ৰাখিছে বুলি অভিযোগ কৰিছে স্বামী আলোকে । লগতে পত্নী সংগীতাক মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰিছে স্বামীয়ে । আলোকে বিয়াৰ ফটো, প্ৰমাণপত্ৰ লৈ উপস্থিত হয় সংগীতাৰ পিতৃগৃহত ।

বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো পত্নীক মুকলি কৰি নিদিয়াত উপায়হীন হৈ হাতত প্লে'কাৰ্ড লৈ শহুৰৰ ঘৰৰ পদূলিত ধৰ্ণা প্ৰদৰ্শন কৰে আলোকে । উল্লেখ্য যে, সংগীতাৰ পৰিয়ালে আলোকৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিছিল । আৰক্ষীৰ সোধ-পোচৰ অন্তত আলোকৰ বিৰুদ্ধে একো প্ৰমাণ নোপোৱাত সন্দেহৰ আওতালৈ আহিছে সংগীতাৰ পৰিয়াল । আনহাতে পত্নীক উভতাই অনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ স্থানীয় ৰাইজক কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া আলোক মল্লিকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.