নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বাকযুদ্ধত লিপ্ত পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধানখৰ আৰু পশ্চিম বংগৰ চৰকাৰ । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সংখ্যালঘু সম্প্ৰদায়ক সন্তুষ্ট কৰাৰ অভিযোগ উত্থাপন ৰাজ্যপাল জগদ্বীপ ধানখৰৰ ।
উল্লেখ্য যে,বৃহস্পতিবাৰে মমতা বেনাৰ্জীয়ে ৰাজ্যপাল জগদ্বীপ ধানখৰ বিৰুদ্ধে এখন পত্ৰ লিখি অভিযোগ উত্থাপন কৰে যে,ৰাজ্যপাল জগদ্বীপ ধানখৰে ৰাজ্যচৰকাৰৰ বিভিন্ন কাম-কাজত হস্তক্ষেপ কৰি আহিছে । আনহাতে, মমতা বেনাৰ্জীৰ পত্ৰ সন্দৰ্ভত ৰাজ্যপাল জগদ্বীপ ধানখৰে কয় যে, মহামাৰী COVID-19 ৰ প্ৰতিৰোধৰ ব্যৰ্থতা ঢাকিবলৈ এই ৰণনীতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।
লগতে ৰাজ্যপাল গৰাকীয়ে কয়,অল্পসংখ্যক সমুদায়ৰ ওপৰত আপোনাৰ দৃষ্টিভংগী আৰু নিজামুদ্দিন মাৰ্কাজ ঘটনাৰ ওপৰত আপোনাৰ স্পষ্টীকৰণ সন্দেহজনক আছিল ।