ETV Bharat / bharat

প্ৰসংগ এনআৰচিঃ উদ্বিগ্ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

author img

By

Published : Oct 5, 2019, 7:37 PM IST

ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগত উল্লেখ কৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰোহিংগিয়া সমস্যাৰ ওপৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰ্চা ব্যক্ত কৰে ৷

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 5 অক্টোবৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত চলি থকা আলোচনাত স্থান লাভ কৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰোহিংগিয়া সমস্যাই ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই শনিবাৰে প্ৰকাশ কৰিছে এই তথ্য ৷

দেশৰ শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ভাৰতে বৰ্হিভূত লোকসকলৰ পুনৰসংস্থাপনৰ বাবে কাম কৰি আছে ৷ ইয়াৰ বাবে ভাৰতে বাংলাদেশক 120 কোটি টকা প্ৰদান কৰিছে ৷ বাংলাদেশে বৰ্হিভূত লোকসকলক আদৰি লোৱাৰ লগতে ভাৰতে প্ৰদান কৰা আৰ্থ-সামাজিক সুবিধা ইতিমধ্যেই গ্ৰহন কৰিছে ৷

অৱশ্যে এইক্ষেত্ৰত বাংলাদেশৰ বহু কৰণীয় কাম আছে বুলিও প্ৰকাশ কৰে দেশৰ শীৰ্ষ চৰকাৰী সূত্ৰটোৱে ৷ এক নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল লোকে কি বিচাৰে, বৰ্হিভূত লোকসকলৰ সুবিধা অনুযায়ী বাংলাদেশে কিদৰে আদৰি লয় সেইক্ষেত্ৰত ভাৰতে বাংলাদেশক ইতিমধ্যে হেঁচা প্ৰয়োগ কৰিছে ৷

বৰ্হিভূত লোকসকলৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথাও আলোচনাত স্থানলাভ কৰে ৷ সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত নতুন দিল্লীয়ে চোৱাচিতা কৰি আছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশ তথা ভাৰত সমানে সাজু থাকিব বুলি উল্লেখ কৰে সূত্ৰটোৱে ৷

উল্লেখ্য যে, শুকুৰবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীছ কুমাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত চলি থকা এটা বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ এনআৰচি সন্দৰ্ভত মন্তব্য কৰাৰ বিপৰীতে ৰৈ থকা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি সংবাদমেলত প্ৰকাশ কৰিছিল ৰভীছ কুমাৰে ৷

Intro:Body:

wegtwet

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.