ETV Bharat / bharat

ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা - উৰুকা

প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাত বুধবাৰেহে পালন কৰা হ’ব উৰুকা ৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ টুপৰ চোতালত মেজি নিৰ্মাণ কৰে স্থানীয় লোকসকলে ৷ সমান্তৰালকৈ হাটীসমুহত ভেলাঘৰ নিৰ্মাণ কৰে ডেকা-বুঢ়া সকলোৱে ৷

বৰপেটা
পাঁচদিনীয়াকৈ পালন মাঘ বিহু
author img

By

Published : Jan 15, 2020, 6:27 PM IST

বৰপেটা,১৫ জানুৱাৰীঃ মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হ’ল উৰুকা ৷ উৰুকাৰ পিছত বুধবাৰে পুৱা মেজিৰ জুইত সেৱা লয় অসমবাসী ৰাইজে ৷ পিছে প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাত বুধবাৰেহে পালন কৰা হ’ব উৰুকা ৷ সেইসূত্ৰে জিলাখনৰ বৰপেটা, বহৰি, ভৱানীপুৰ, মৈৰামাৰা, হাউলী, সুন্দৰীদিয়া, পাটবাউসী, জনিয়া, গজিয়া, বাৰাদি, কেওটকুছি, মৌটুপুৰী আদি শতাধিক গাওঁৰ ৰাইজে বুধবাৰে পালন কৰে ভোগালীৰ উৰুকা ৷

পাঁচদিনীয়াকৈ পালন মাঘ বিহু

উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ টুপৰ চোতালত মেজি নিৰ্মাণ কৰে স্থানীয় লোকসকলে ৷ সমান্তৰালকৈ হাটীসমুহত ভেলাঘৰ নিৰ্মাণ কৰে ডেকা-বুঢ়া সকলোৱে ৷ পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল খাগৰি, কঁহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় ৷ এইক্ষেত্ৰত আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷ সত্ৰনগৰীখনত পৰম্পৰা অনুসৰি পূণ্য মাহ হিচাপে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা কৰা হয় ৷ সেইমতে পাঁচদিনীয়াকৈ পালন কৰা হয় মাঘ বিহু ৷ বৃহস্পতিবাৰে পুৱা সত্ৰৰ ভকতসকলে টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিছতেই সত্ৰনগৰীখনৰ হাটীসমূহত নিৰ্মাণ কৰা মেজিসমুহ প্ৰজ্বলিত কৰা হ’ব ৷

বৰপেটাত উৰুকাৰ ভোজভাতৰ লগতে বিশেষভাৱে জনপ্ৰিয় খাদ্য হৈছে আলু ভজা ৷ ভেলাঘৰ নিৰ্মাণৰ লগতে হাটীৰ যুৱকসকলে সন্ধিয়াৰ পৰা আলু ভজা কামত ব্যস্ত হৈ পৰে ৷

লগতে চাওকঃমৰিগাঁৱত উদযাপন পৰম্পৰাগত কণী যুঁজ

Intro:
বৰপেটা, ১৫ জানুৱাৰীঃ মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে উৰুকা ৷ উৰুকাৰ পিচত আজি পুৱা মেজিৰ জুইত সেৱা লৈছে অসমীয়া ৰাইজে ৷ পিছে শতিকা প্ৰাচীন সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে পালন কৰা হৈছে উৰুকা ৷ আজি বৰপেটা, বহৰি, ভৱানীপুৰ, মৈৰামাৰা, হাউলী, সুন্দৰীদিয়া, পাটবাউসী, জনীয়া, গজিয়া, বাৰাদি, কেওটকুছি, মৌটুপুৰী, আদি শতাধিক গাওৰ সত্ৰবাসী ৰাইজে আজিহে পালন কৰিছে ভেগালীৰ উৰুকা ৷ Body:উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত এইদৰে মেজি নিৰ্মানত ব্যস্ত হৈ পৰিছে লোকসকল ৷ তাৰ লগে লগে সত্ৰৰ হাটীসমুহত ভেলাঘৰ নিৰ্মানত ব্যস্ত হৈ পৰিছে ডেকা বুঢ়া সকলো ৷ পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মান কৰা হয় ৷ মেজি অথবা ভেলাঘৰ নিৰ্মানৰ ক্ষেত্ৰত এতিয়াও আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷ ভোগালীৰ উৰুকাৰ মেজি বা ভেলাঘৰ নিৰ্মানৰ ক্ষেত্ৰটো পৰম্পৰাকেই সাৱটি আছে সত্ৰবাসীয়ে ৷ সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি পূন্য মাহ হিচাপে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ সেই মতে পাঁচদিনীয়াকৈ পালন কৰা মাঘ বিহুৰ পৰম্পৰা অনুসৰি দোমাহীৰ দিনটোত উৰুকা পালন কৰি পহিলা মাঘৰ দিনটোত মেজি প্ৰজ্বলনেৰে অগ্নিদেৱতাক সেৱা জনোৱা হয় ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে পুৱা সত্ৰৰ ভকতসকলে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিচতেই সত্ৰনগৰীৰ হাটী সমুহত নিৰ্মান কৰা মেজিসমুহ প্ৰজ্বলিত কৰা হব ৷
আনহাতে বৰপেটাত উৰুকাৰ ভোজভাতৰ লগতে বিশেষভাৱে জনপ্ৰিয় ভোজন হল আলু ভজা ৷ ভেলাঘৰ নিৰ্মানৰ লগে লগে সেয়ে হাটীৰ যুৱকসকলে সন্ধিয়াৰ পৰাই আলুভজাৰ কামত ব্যস্ত হৈ পৰে ৷
Conclusion:বাইটঃ বশিষ্ঠ শৰ্মা, বুঢ়াসত্ৰীয়া বৰপেটা সত্ৰ

বাইটঃ স্থানীয় লোক ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.