ETV Bharat / bharat

নীতি-নিৰ্দেশনা পালন কৰি চেলুন,স্পা খোলাৰ অনুমতি মহাৰাষ্ট্ৰ চৰকাৰৰ - চেলুন খোলাৰ অনুমতি

কোভিড-১৯ ৰ মহামাৰী বাবে মুম্বাইৰ বন্ধ হৈ থকা চেলুন সমূহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে । মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ এক নিৰ্দেশনাৰ Mission Begin Again Phase IV' ৰ জৰিয়তে দেওবাৰে পুনৰ খোলাৰ অনুমতি প্ৰদান কৰিছে । লগতে, Mission Begin Again Phase IV' ৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে, প্ৰতিখন চেলুন, স্পাৰ্ক পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ লগতে সকলো কৰ্মচাৰীয়ে এপ্ৰন আৰু মাস্ক পৰিধান কৰিব লাগিব ।

barber-shops-salons-gear-up-to-reopen-today-in-mumbai

author img

By

Published : Jun 28, 2020, 4:54 PM IST

নিউজ ডেস্ক, ২৮ জুন : কোভিড-১৯ ৰ মহামাৰী বাবে মুম্বাইৰ বন্ধ হৈ থকা চেলুন সমূহ পুনৰ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে । মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ এক নিৰ্দেশনাৰ Mission Begin Again Phase IV' ৰ জৰিয়তে দেওবাৰে পুনৰ খোলাৰ অনুমতি প্ৰদান কৰিছে ।

চেলুন মালিক সন্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি, প্ৰতিজন গ্ৰাহকৰ তাপমাত্তা জুখাৰ লগতে চেনিটাইজাৰ আৰু সামাজিক দূৰত্ব বজাই চেলুন সমূহ খোলা হ'ব বুলি জনোৱা হৈছে । লগতে মাস্ক আৰু গ্ল'ভছ ব্যৱহাৰ কৰা হ'ব বুলি কোৱা হৈছে । লগতে, যিসমূহ লোকে আগতীয়াকৈ অনুমতি ল'ব তেওঁলোকেহে অন্তভূক্ত হ'ব পাৰিব বুলি উল্লেখ কৰিছে । লগতে, চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা পালন কৰা হ'ব বুলি জনোৱা হয় ।

লগতে, Mission Begin Again Phase IV' ৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে, প্ৰতিখন চেলুন, স্পা পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ লগতে সকলো কৰ্মচাৰীয়ে এপ্ৰন আৰু মাস্ক পৰিধান কৰিব লাগিব ।

আনহাতে, চৰকাৰী নিৰ্দেশনাত কেৱল চুলি কটাৰ নিৰ্দেশনা প্ৰদান কৰা কাৰ্যৰ বিৰোধিতা কৰি মালিক সন্থাৰ তৰফৰ পৰা জনোৱা হয় যে, যদিহে আমি কেৱল চুলি কাটিব লাগে তেতিয়াহলে আমি ইয়াৰ মূল্য বৃদ্ধি কৰিব লাগিব । পূৰ্বতে এজন ব্যক্তিৰ চুলি কটাৰ খৰচ আছিল ১০০ কিন্তু বৰ্তমান আমি ১৭৫ টকা ল'ব লাগিব । কিয়নো বিগত তিনি মাহত আমি যথেষ্ট লোকচানৰ সন্মুখীন হৈছে তেনেক্ষেত্ৰত চৰকাৰে আমাৰ প্ৰতি গুৰুত্ব দিয়া উচিত । তেওঁ পুনৰ জনাই যে, চেলুন সমূহত সকলো কাম কৰিবলৈ অনুমতি প্ৰদান কৰক অন্যথা আৰ্থিকভাবে সহায় কৰিবলৈ দাবী জনাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.