ETV Bharat / bharat

আদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে

কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে দেশত 59 টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰাৰ পিচতেই উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই ইটিভি ভাৰতৰ আগত এই সন্দৰ্ভত এক বিশেষ তথ্য উল্লেখ কৰে ৷

আদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে
আদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে
author img

By

Published : Jun 30, 2020, 4:42 PM IST

নিউজ ডেস্ক, 30 জুন : চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি দেশত নিষিদ্ধ ঘোষণা কৰা 59 টা চাইনীজ এপক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই, এই বিষয়ত কোম্পানীসমূহে চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব পাৰিব আৰু এইক্ষেত্ৰত তেওঁলোকৰ সকলো অধিকাৰ আছে বুলি মন্তব্য কৰিছে ৷

যোৱাকালি কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে 59 টা চাইনীজ এপ, যাৰ ভিতৰত টিকটক, শ্বেয়াৰইট, ইউচি ব্ৰাউজাৰ, ইউচি নিউজ আদিসমূহক দেশৰ সুৰক্ষা, নিৰাপত্তা, প্ৰতিৰক্ষা আৰু দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি কৈ নিষিদ্ধ ঘোষণা কৰিছিল ৷

এই অধিনিয়ম আইনগতভাৱে বৈধ নে ?

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত উচ্চতম ন্য়ায়ালয়ৰ অধিবক্তা আদিত্য পাৰোলিয়া আৰু মিনাক্ষী আৰোৰাই কয় যে, চৰকাৰে ৰাজহুৱা সুৰক্ষা নীতিৰ আধাৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু এইসমূহ এপ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰাৰ পূৰ্বে চৰকাৰে কোনো আইনী সহায় লোৱাৰ প্ৰয়োজন নাই, যিটো চৰকাৰে দাবী কৰিব পাৰে ৷

পাৰোলিয়াই প্ৰকাশ কৰা মতে, যদিহে কোনো এপ ৰাষ্ট্ৰীয় সুৰক্ষা, ৰাজহুৱা নীতি আৰু আইনৰ কিছু নীতি ভংগ কৰা বুলি পোৱা যায়, তেতিয়া তাক চৰকাৰে তৎকালীনভাৱে নিষিদ্ধ অথবা বন্ধ ঘোষণা কৰিব পাৰে ৷

কিছুবছৰ পূৰ্বে চৰকাৰে বন্ধ কৰা পৰ্ণোগ্ৰাফিক চাইটসমূহৰ উদাহৰণ দি পুৰোলিয়াই এই কথা উল্লেখ কৰে ৷ যদিহে এই এপসমূহে চৰকাৰী নীতি, গোপনীয় আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে খেলা কৰিছে আৰু তাৰ বাস্তৱিক উদাহৰণ আছে ৷ চৰকাৰে সেয়েহে এইসমূহ এপ বন্ধ কৰিছে ৷

চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে এইসমূহ এপে কি ব্যৱস্থা গ্ৰহণ কৰিব ?

অধিবক্তা দুগৰাকীৰ মতে, চাইনীজ এপসমূহে উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ত চৰকাৰে জাৰী কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাব পাৰে ৷ যদিহে আদালতে এই নিৰ্দেশনাই মৌলিক অধিকাৰ খৰ্ব কৰা বুলি প্ৰমাণ পায় তেতিয়া এই নিৰ্দেশনাক আদালতে নিষিদ্ধ ঘোষণা কৰিব পাৰে ৷ অধিবক্তা আৰোৰাৰ মতে, সংবিধানৰ 14 আৰু 21 অনুচ্ছেদে সকলোকে, আনকি বিদেশী নাগৰিককো ভাৰতীয় আদালতত তেওঁলোকৰ অভিযোগ দাখিল কৰাৰ অধিকাৰ প্ৰদান কৰিছে ৷

যদি এইসমূহ কোম্পানীত কৰ্মৰত কৰ্মচাৰীৰ ক্ষেত্ৰত, তেওঁলোকেও চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হ'ব পাৰে, কিয়নো সকলোৰে কৰ্মৰ অধিকাৰ আৰু পেছা নিৰ্বাচন কৰি লোৱাৰ মৌলিক অধিকাৰ আছে, আৰু এইসমূহ কোম্পানী বন্ধ কৰিলে তেওঁলোকৰ চাকৰি হেৰুওৱাৰ সম্ভাৱনা আছে ৷

অৱশ্যে চৰকাৰে নিষিদ্ধ ঘোষণা কৰা কোম্পানীৰ চাকৰি হেৰুওৱা কৰ্মচাৰীক অন্যান্য চাকৰি প্ৰদান কৰাৰ কোনো নীতি দেশৰ আইনত নাই ৷

অধিবক্তা পাৰোলিয়াৰ মতে, কৰ্মচাৰীসকলে তেওঁৰ অধিকাৰ ভংগ হোৱাটো আদালতৰ আগত প্ৰমাণ কৰিব লাগিব ৷ এইক্ষেত্ৰত পূৰ্বেই কিছুমান ৰায়দান দিয়া হৈছিল আৰু সকলোবিলাকেই পৰীক্ষণৰ অন্তত গ্ৰহণ কৰা হ'ব ৷

একেসময়ত নিষিদ্ধ ঘোষণা কৰা এপ টিকটকে চৰকাৰৰ অভিযোগ নাকচ কৰিছে আৰু চৰকাৰৰ ওচৰত তেওঁলোকৰ অভিযোগ দাখিল কৰিবলৈ আলোচনাৰ বাবে আহ্বান কৰা বুলি জনাইছে ৷

লগতে পঢ়কঃ টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.