নেশ্যনেল ডেস্ক,7 জানুৱাৰীঃ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ ফলত স্তব্ধ হ'ব পাৰে ৰাজহুৱা খণ্ডৰ বেংকিং সেৱাসমূহ ৷ ভাৰত বন্ধৰ ফলত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ টকা জমা কৰা,টকা উলিওৱা,চেক সম্পৰ্কীয় লেনদেন আৰু ইনষ্ট্ৰুমেন্ট ইছুৱেন্স আদি সেৱাসমূহ এদিনৰ বাবে স্তব্ধ হ'ব বুলি আশংকা কৰা হৈছে ৷ অৱশ্যে ভাৰত বন্ধৰ সময়চোৱাত দেশৰ ব্যক্তিগত খণ্ডৰ বেংকিং সেৱাসমূহ একেদৰেই চলি থাকিব ৷
উল্লেখ্য যে, INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC আদিকে ধৰি বহুকেইটা ট্ৰেড ইউনিয়নে 8 জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছিল ৷ ট্ৰেড ইউনিয়নৰ এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল AIBEA, AIBOA, BEFI, INBEF, INBOC আৰু BKSM আদিৰ দৰে বেংকিং খণ্ডৰ ট্ৰেড ইউনিয়নসমূহে ৷ যাৰ বাবে এতিয়া এইদৰে ৰাজহুৱা খণ্ডৰ বেংকিং সেৱাসমূহ 8 জানুৱাৰীত স্তব্ধ হৈ পৰাটো আংশকা কৰা হৈছে ৷
আৰু পঢ়ক : আহমেদাবাদত সংঘৰ্ষত লিপ্ত NSUI আৰু ABVP