ETV Bharat / bharat

স্ক'টিচ প্ৰিমিয়াৰ লীগত বালা দেৱীৰ প্ৰত্যাশা পূৰণৰ আশা - প্ৰাক-কালীন প্ৰশিক্ষণ

জানুৱাৰী মাহত ৰেঞ্জাৰ্চৰ সৈতে এক 18 মহীয়া চুক্তিত স্বাক্ষৰ কৰা বালা দেৱীয়ে জনাইছে যে ছমহীয়া প্ৰাক-কালীন প্ৰশিক্ষণৰ পাছত তেওঁ লীগত অংশ ল'বৰ বাবে সাজু হৈছে ৷

স্ক'টিচ প্ৰিমিয়াৰ লীগত বালা দেৱীৰ প্ৰত্যাশা পূৰণৰ আশা

author img

By

Published : Oct 17, 2020, 9:49 PM IST

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: ভাৰতীয় অধিনায়িকা বালা দেৱীয়ে অনুভৱ কৰিছে যে ৰেঞ্জাৰ্চ এফচিত তেওঁ লাভ কৰা প্ৰশিক্ষণে তেওঁক এগৰাকী দক্ষ খেলুৱৈ হিচাপে গঢ়ি তুলিছে ৷ সেয়ে দেওবাৰৰ পৰা আৰম্ভ হ'বলগীয়া স্ক'টিচ উইমেন প্ৰিমিয়াৰ লীগত তেওঁ নিজকে ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

স্ক'টিচ উইমেন প্ৰিমিয়াৰ লীগৰ বাবে সাজু বালা দেৱী

ৰেঞ্জাৰ্চৰ সৈতে এক 18 মহীয়া চুক্তি স্বাক্ষৰ কৰা বালাই কৈছে যে ছমহীয়া কঠোৰ প্ৰাক-কালীন প্ৰশিক্ষণৰ পাছত তেওঁ খেলৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৷ প্ৰথম দিনটোত ৰেঞ্জাৰ্চে হাৰ্টচ উইমেনৰ বিপক্ষে তেওঁলোকৰ অভিযানত অৱতীৰ্ণ হ'ব ৷ সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত বালাই কয়, "আমি ছয় মাহৰ এক প্ৰশিক্ষণ লাভ কৰিছো ৷ এই প্ৰশিক্ষণ যথেষ্ট কঠোৰ হোৱাৰ লগতে আমি ভাৰতত লাভ কৰা প্ৰশিক্ষণতকৈ যথেষ্ট পৃথক ৷ এই প্ৰশিক্ষণ নিশ্চিতভাৱে পেচাদাৰী আছিল ৷"

"ইয়াত প্ৰদান কৰা প্ৰশিক্ষণটোত মই বহুখিনি ভাল পালো ৷ আমাৰ মুখ্য প্ৰশিক্ষক গৰাকীও নিৰ্দেশনা দিয়াৰ ক্ষেত্ৰত বহুতেই স্পষ্ট ৷ বিগত মাহকেইটাত আমি যথেষ্ঠখিনি শিকিবলৈ পালো ৷" "শাৰীৰিক তথা মানসিক দুয়োধৰণেৰেই মই সম্পূৰ্ণ সবল, সেয়ে খেলত অংশ লবলৈ মই সম্পূৰ্ণ সাজু," প্ৰথমবাৰৰ বাবে ইউৰোপৰ শীৰ্ষ দলত ভাগ লোৱা 30 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে এইবুলি কয় ৷

2015 চনত প্ৰথম বাৰৰ বাবে বালাই ভাৰতৰ বাবে খেলিছিল আৰু তাৰ পাছতে 2010 চনৰ পৰা তেওঁ ভাৰতৰ বাবে 58 খন খেল খেলিছে ৷ এই খেলকেইখনত তেওঁ সৰ্বমুঠ 52 টা গ'ল দিছে ৷ ভাৰতীয় খেলুৱৈ গৰাকীয়ে কয় যে দীৰ্ঘদিনৰ পৰা আন্ত:ৰাষ্ট্ৰীয় ফুটবলত খেলত ভাগ লোৱাৰ বাবে থকা তেওঁৰ আগ্ৰহে ৰেঞ্জাৰ্চৰ খেলৰ ধৰণ আৰু আৰু পৰিৱেশৰ সৈতে তেওঁ সামঞ্জস্য ৰাখি খেলাত সহায় কৰিছে ৷ মণিপুৰৰ বিষ্ণুপুৰৰ খেলুৱৈ গৰাকীয়ে আশা প্ৰকাশ কৰে যে ভাৰতত বহুসংখ্যক প্ৰতিভাসম্পন্ন খেলুৱৈ আছে আৰু অনাগত দুই তিনি বছৰৰ ভিতৰত বহু খেলুৱৈ বিদেশত খেলিবৰ বাবে উলাই আহিব ৷

লগতে পঢ়ক: কলকাতা কিংছ ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানচৰ জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.