নেশ্যনেল ডেস্ক, ৮অক্টোবৰ: বিমানৰ ভিতৰতে সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে। দিল্লীৰ পৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে মহিলাগৰাকীয়ে এটি দেৱশিশুৰ জন্ম দিয়াৰ কথা প্ৰকাশ কৰিছে এগৰাকী বিষয়াই।
![বিমানৰ ভিতৰতে দেৱশিশুৰ জন্ম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/babay_boyyy_naxvubf_0810newsroom_1602124738_1057.jpg)
নৱজাত শিশুটিৰ বাবে 6E 122 নম্বৰৰ ইণ্ডিগ' বিমানখনে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই বাংগালুৰুত অৱতৰণ কৰে। ইণ্ডিগ'ৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।
![বিমানৰ ভিতৰতে দেৱশিশুৰ জন্ম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ejvpceouyaiekpz_0810newsroom_1602124738_1067.jpg)
পাইলটসহ বিমানৰ কৰ্মচাৰীৰ সৈতে কণমানিটোৰ ফটো ভাইৰেল হৈ পৰিছে ছ'ছিয়েল মিডিয়াত। বিমানৰ কৰ্মচাৰীৰ কামক প্ৰশংসা কৰিছে সকলোৱে। বিমানৰ কৰ্মচাৰীৰ তৎপৰতাতে মহিলাগৰাকীয়ে এটি ল'ৰা সন্তানৰ জন্ম দিয়ে।
লগতে পঢ়ক: আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে