নেশ্বনেল ডেস্ক, 29 জুলাই : তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে সোমবাৰে সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানে লোকসভাত ক্ষমা প্ৰাৰ্থনা বিচাৰে ৷ উল্লেখ্য যে, সাংসদ গৰাকীয়ে বৃহস্পতিবাৰে লোকসভাৰ তিনি তালাক বিল সন্দৰ্ভত আলোচনাৰ মাজতে বিজেপি নেত্ৰী তথা লোকসভাৰ উপ অধ্যক্ষা ৰামা দেৱীক লিংগ বৈষম্যমূলক মন্তব্য আগবঢ়াইছিল ৷
ক্ষমা প্ৰাৰ্থনা কৰি খানে মন্তব্য কৰে যে, তেওঁ ৰামা দেৱীক ভগ্নীৰ দৰে সন্মান জনাই আহিছে আৰু উপ অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে তেওঁ কোনো বেয়া চিন্তা- ধাৰা ৰখা নাই ৷ এই সম্পৰ্কত সংসদে এতিয়াও তেওঁক দোষী বুলি গণ্য কৰে যদি তেওঁ ক্ষমা খুজিবলৈ সাজু বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, খানৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পাছতো তেওঁক এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছিল সমাজবাদী দলৰ মুৰব্বী অখিলেশ যাদৱে ৷
এই ক্ষমা প্ৰাৰ্থনাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰামা দেৱীয়ে মন্তব্য কৰে যে,তেওঁ এই ক্ষমা প্ৰাৰ্থনাত কোনোপধ্যেই সন্তুষ্ট নহয় আৰু খানৰ এই কাৰ্যই দেশৰ প্ৰতিজন লোককে আঘাত দিছে ৷ তেওঁ লগতে উল্লেখ কৰে যে,এগৰাকী দলিত হিচাপে বহু কষ্টৰ মাজেৰে তেওঁ আহি এই স্থানত উপনীত হৈছে ৷ খানে যি মন যায় তাকে লোকসভাৰ মজিয়াত মন্তব্য কৰিব নোৱাৰে যিহেতু কোনেও এনে ধৰণৰ মন্তব্য শুনিবলৈ সদনত উপস্থিত নহয় বুলি খৰ্গহস্ত হৈ পৰে ৰামা দেৱী ৷
এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মন্তব্য কৰে যে,সদনত সকলোৰে সমান অধিকাৰ আছে আৰু সকলোৰে সমৰ্থনতহে সদনৰ কাম - কাজ হোৱাটো সম্ভৱ ৷ সেয়েহে সদনৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰতিজন সদস্যই ভাষাৰ ব্যৱহাৰত সজাগ হোৱাটো উচিত ৷
এই সম্পৰ্কত কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আব্বাছ নকভীয়ে কয় যে,এনে ধৰণৰ ঘটনা পুনৰাই নহ'বৰ বাবে সকলোৱে ধ্যান দিয়া উচিত আৰু সংসদৰ অধ্যক্ষৰ সিদ্ধান্তৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱা উচিত ৷ ইয়াৰোপৰি, 2017 চনৰ উন্নাও দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগী গৰাকীয়ে দেওবাৰে এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাৰ যথাযোগ্য তদানীন্তন কৰা হ'ব আৰু দোষীয়ে শাস্তি লাভ কৰিব বুলি দাবী কৰে নকভীয়ে ৷
উল্লেখ্য যে,জুলাইৰ 25 তাৰিখে তিনি তালাক বিল সন্দৰ্ভত ৰামা দেৱীয়ে অধ্যক্ষতা কৰাৰ সময়তে আজম খানে তেওঁৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছিল ৷ ইয়াৰ পূৰ্বে বহুবাৰ বিজেপি সাংসদ সকলে আজম খানক এই সম্পৰ্কত ক্ষমা খুজিবলৈ দাবী জনাই আহিছিল যদিও তেওঁ অমান্তি কৰিছিল আৰু অসংসদীয় কোনো মন্তব্য কৰিলে তেওঁ পদত্যাগ কৰিবলৈও সাজু বুলি মন্তব্য কৰিছিল ৷