নেশ্বনেল ডেস্ক, 17 নৱেম্বৰঃ অযোধ্যাৰ ভূমি বিবাদৰ ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিলৰ সিদ্ধান্ত অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড চমুকৈ AIMPLBৰ ৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌত অনুষ্ঠিত হোৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে বোৰ্ডে ৷ সভাত অল ইণ্ডিয়া মজলিচ-ই-ইট্টেহাডুল মুছলিমেনৰ প্ৰধান আছাদউদ্দিন ওৱেছিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
লগতে পঢ়কঃ কেৰালা বান ক্ষতিগ্ৰস্থৰ বাবে 121 টা "ৰামোজী হাউচ"
চলিত মাহৰ 9 তাৰিখত উচ্চতম ন্যায়ালয়ে এটা ন্যাস গঠন কৰি বিবাদমান ভূমিত মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায়দান প্ৰদান কৰিছিল ৷ আনহাতে মছজিদ নিৰ্মাণৰ বাবে 5 একৰৰ নিৰ্দিষ্ট এডোখৰ ভূমিত এটা মছজিদ নিৰ্মাণৰ বাবে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ উক্ত ভূমি ছুন্নী ৱাকফ বোৰ্ড নাইবা কেন্দ্ৰীয় চৰকাৰ অথবা উত্তৰ প্ৰদেশ চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে প্ৰদান কৰিবলৈ ৰায়দান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ সমৰ্থন কৰি ছুন্নী ৱাকফ বোৰ্ডে কোনো পুনৰীক্ষণৰ আবেদন দাখিল নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড এয়া মুছলমানসকলৰ ন্যায়িক আৰু সাংবিধানিক অধিকাৰ বুলি ইয়াৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সংবিধানৰ 25 অনুচ্ছেদৰ অধীনত এই আবেদন কৰিব বুলি প্ৰকাশ কৰে বোৰ্ডে ৷