ETV Bharat / bharat

ছুপ্ৰিম কৰ্টত অযোধ্যা কাণ্ডৰ শুনানি : মধ্যস্থতাকাৰী পেনেলক ১ আগষ্টলৈ সময়সীমা - Ayodhya

মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্ব ৫ জনীয়া সংবিধানিক ন্যায়িক বিচাৰক মণ্ডলীয়ে দিলে ৰায়দান। যোৱা ১১ জুলাইত দুই গোচৰীয়া পক্ষৰ উপস্থিতিত মধ্যস্থতাকাৰী পেনেলৰ পৰা অগ্ৰগতিৰ খতিয়ান বিচাৰিছিল ছুপ্ৰিম কৰ্টে ।

ছুপ্ৰিম কৰ্টত অযোধ্যা কাণ্ডৰ শুনানি : মধ্যস্থতাকাৰী পেনেলক ১ আগষ্টলৈ সময়সীমা
author img

By

Published : Jul 18, 2019, 12:25 PM IST

নেচনেল ডেক্স,১৮ জুলাই : বহু বিৰ্তকিত অযোধ্যা ভূমি বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি অনুষ্ঠিত হয় এক বিশেষ শুনানিৰ। দিনৰ ১০ বাজি ৩০ মিনিটত আৰম্ভ হোৱা এই শুনানিত গোচৰৰ শীঘ্ৰে সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত গঠন হোৱা মধ্যস্থতাকাৰী কমিটিয়ে দাখিল কৰে নিজৰ অগ্ৰগতি ৰিৰ্পট। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ এফ এম কলীফুল্লাৰ অধ্যক্ষতাৰ কমিটি খনত আছে ধৰ্মগুৰু ৰবিশংকৰ আৰু জেষ্ঠ আইনজীৱি শ্ৰীৰাম পঞ্চু। উল্লেখযোগ্য যে কমিটিখনে হিন্দু-মুছলিম দুয়ো পক্ষৰ মাজত মধ্যস্থতাকাৰী ৰূপে কাম কৰি গোচৰীয়া পক্ষৰ মাজত সহমত স্থাপনৰ বাবে চেষ্টা কৰি আছে। কিন্তু সব্বোৰ্চ ন্যায়ালয়ে গোচৰটোৰ বিশেষ শুনানি আৰম্ভ কৰিব বিচৰাত যোৱা ১১ জুলাইত মধ্যস্থতা কমিটিৰ প্ৰাসংগিকতা বিচাৰি অগ্ৰগতিৰ খতিয়ান দাখিল কৰিবলৈ আদেশ দিয়ে। আজি অনুস্থিত শুনানিত মধ্যস্থতাকাৰী পেনেলক দুয়োপক্ষৰ মাজত সহমত স্থাপন কৰিবলৈ ১ আগষ্টলৈ সময়সীমা বান্ধি দিয়ে। উল্লেখযোগ্য যে ১৯৯২ চনত হিন্দু ভক্তসকলে অযোধ্যাত ১৬ শতিকাত নিৰ্মিত বাবৰি মহজিদ ধংস কৰিছিল তেওঁলোকৰ মতে অযোধ্যাৰ সেই বিবাদমান ঠাইত ভগৱান ৰামৰ এক মন্দিৰ আছিল যিটো বাবৰৰ দিনত ভাঙি মহজিদ বনোৱা হৈছিল। ঘটনাৰ পাছত দেশজুৰি সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় ২০০০ লোকে প্ৰাণ হেৰুৱাইছিল। ২০১০ চনত এলাহবাদ হাইকৰ্টে গোচৰ সন্দৰ্ভত এক ৰায়দান দি বিবাদমান ভূমিভাগ ৩টা ভাগত ভগাই দিছিল কিন্তু ৰায়দানত অসন্তুষ্ট হৈ দুয়ো পক্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.