ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট: বিমান ইন্ধনৰ মূল্য হ্ৰাসৰ আহ্বান বিমান ক্ষেত্ৰৰ

author img

By

Published : Jan 29, 2021, 10:49 PM IST

ইটিভি ভাৰতৰ সৈতে হোৱা মত বিনিময়ত বিমান এৰোস্পেছ আৰু দ্ৰোণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অধ্যক্ষ চনট কৌলে কয়, চৰকাৰে বিমান টাৰবাইনৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰত কিছু উপশম প্ৰদান কৰিব লাগে ৷ কিন্তু মই নাভাৱো যে তেওঁলোকে এইটো কৰিব ৷ এই এটা কথাতেই পৰ্যটন ক্ষেত্ৰখন আৰু বিমান ক্ষেত্ৰখনে সহমত প্ৰদান কৰে ৷ কাৰণ প্ৰায় সকলো বিপৰ্যয়ৰ সময়তে এই দুই ক্ষেত্ৰই প্ৰভাৱান্বিত হ’বলগীয়া হয় ৷

Union Budget: Aviation sector eyes reduction in turbine fuel charges
কেন্দ্ৰীয় বাজেট: বিমান ইন্ধনৰ মূল্য হ্ৰাসৰ আহ্বান বিমান ক্ষেত্ৰৰ

নিউজ ডেস্ক,29 জানুৱাৰী: ক’ভিড 19ৰ ফলত ক্ষতিগ্ৰস্ত বিমান ক্ষেত্ৰখনক নতুন বিত্তীয় বাজেটখনৰ পৰা যথেষ্ট আশা আছে ৷ বিমান ক্ষেত্ৰই বিমান টাৰবাইনৰ ইন্ধনক জিএছটিৰ পৰিসৰৰ ভিতৰলৈ অনাৰ উপৰিও ঋণৰ বোজা হ্ৰাস কৰিবলৈ বিমানবন্দৰৰ শুল্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত কেন্দ্ৰক বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা মত বিনিময়ত বিমান এৰোস্পেছ আৰু দ্ৰোণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অধ্যক্ষ চনট কৌলে কয়, চৰকাৰে বিমান টাৰবাইনৰ ইন্ধনৰ ক্ষেত্ৰত কিছু উপশম প্ৰদান কৰিব লাগে ৷ কিন্তু মই নাভাৱো যে তেওঁলোকে এইটো কৰিব ৷ এই এটা কথাতেই পৰ্যটন ক্ষেত্ৰখন আৰু বিমান ক্ষেত্ৰখনে সহমত প্ৰদান কৰে ৷ কাৰণ প্ৰায় সকলো বিপৰ্যায়ৰ সময়তে এই দুই ক্ষেত্ৰই প্ৰভাৱান্বিত হ’বলগীয়া হয় ৷

কৌলে আৰু কয়, প্ৰায় দুটা মাহে ক’ভিড 19 আৰু লকডাউনৰ ফলত বিমান ক্ষেত্ৰখনে কোনোধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু এই লোকচানৰ বাবে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহাৰ্য লাভ নকৰে বিমান ক্ষেত্ৰই ৷ চৰকাৰে এই কথা পূৰ্বেই স্পষ্ট কৰি দিছে ৷ বিশেষজ্ঞ সকলেও কৈছে যে চৰকাৰে বিমান ক্ষেত্ৰত আৰোপ কৰা বাধ্য-বাধকতাসমূহ আঁতৰাই সম্পূৰ্ণ যাত্ৰীৰে বিমানসমূহ চলাচলৰ অনুমতি প্ৰদান কৰিব লাগে ৷

ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল 23 মাৰ্চৰ পৰা বাতিল কৰা হৈছিল যদিও বন্দে ভাৰত অভিযানৰ অধীনত তথা ভাৰত আৰু অন্য 24 খন ৰাষ্ট্ৰৰ মাজৰ দ্বি-পাক্ষিক এয়াৰ বাবল চুক্তিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানসমূহৰ চলাচল অব্যাহত আছিল ৷ আনহাতে, শুকুৰবাৰে সংসদত দাখিল কৰা 2020-21 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাই কৈছে যে ভাৰতৰ এয়াৰ পেছেঞ্জাৰ ট্ৰাফিক 2021 বৰ্ষৰ আৰম্ভণিতে ক’ভিড 19ৰ পূৰ্বৰ পৰ্যায়লৈ উভতি যাব ৷

লগতে পঢ়ক-"উড়ান"ৰ অধীনত 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিশেষ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.