ETV Bharat / bharat

চিঙৰা আৰু খিচিৰিৰ কূটনীতিৰে সমাপ্ত হ'ল ভাৰত অষ্ট্ৰেলিয়াৰ 'প্ৰথম ভাৰ্চুৱেল' শীৰ্ষক সন্মিলনখনৰ - Virtual Summit

বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধাানমন্ত্ৰী স্কট মৰিচনে সোৱাদ ললে গৰম চিঙৰা আৰু আমৰ পৰা প্ৰস্তুত কৰা সুস্বাদু জেলিৰ। ইয়াৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক আস্বাস দিলে যে অহাবাৰ তেওঁ নৰেন্দ্ৰ মোডীক লগ কৰাৰ পূৰ্বে মোডীৰ ৰান্ধনিশালাত নিজ হাতেৰে খিচিৰি প্ৰস্তুত কৰিব। সাম্প্ৰতিক মহামাৰী কভিড-১৯ ৰ মাজতেই দুয়োখন দেশৰ মাজত হোৱা 'প্ৰথম ভাৰ্চুৱেল' শীৰ্ষক সন্মিলনৰ মাজতে এনেদৰে এক পাতল পৰিৱেশেৰে কিছু মূহুৰ্ত অতিবাহিত কৰিলে দুই ৰাষ্ট্ৰনেতাই।

Australia-India virtual summit wraps up with "Samosa-Khichadi' diplomacy

author img

By

Published : Jun 4, 2020, 8:38 PM IST

নিউজ ডেস্ক, ৪জুন : বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধাানমন্ত্ৰী স্কট মৰিচনে সোৱাদ ল'লে গৰম চিঙৰা আৰু আমৰ পৰা প্ৰস্তুত কৰা সুস্বাদু জেলিৰ। ইয়াৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক আস্বাস দিলে যে অহাবাৰ তেওঁ নৰেন্দ্ৰ মোডীক লগ কৰাৰ পূৰ্বে মোডীৰ ৰান্ধনিশালাত নিজ হাতেৰে খিচিৰি প্ৰস্তুত কৰিব। সাম্প্ৰতিক মহামাৰী কভিড-১৯ ৰ মাজতেই দুয়োখন দেশৰ মাজত হোৱা 'প্ৰথম ভাৰ্চুৱেল' শীৰ্ষক সন্মিলনৰ মাজতে এনেদৰে এক পাতল পৰিৱেশেৰে কিছু মূহুৰ্ত অতিবাহিত কৰিলে দুই ৰাষ্ট্ৰনেতাই। ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰা হল'গ্ৰাম প্ৰযুক্তিৰ কথা উল্লেখ কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰ্চয্য প্ৰকাশ কৰি কয়, বৰ্তমানৰ পৰিস্থিতিত আমি কি ধৰণে ভাৰ্চুৱেলি মিলিত হ'ম তাক লৈ মই এতিয়া চিন্তিত নহয়। আপুনি সেইসকলৰ মাজৰ এগৰাকী ব্যক্তি যিজনে বহু বছৰৰ পূৰ্বেই হল'গ্ৰাম প্ৰযুক্তি ব্যৱহাৰ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। অনাগত সময়ত সম্ভৱত আমাৰ লগতো আপোনাৰ এই হল'গ্ৰাম প্ৰযুক্তি থাকিব। এইদৰে নিজৰ মত ব্যক্ত কৰিলে স্কট মৰিচনে।

আৰু এনেদৰেই চিঙৰা খিচিৰিৰ কূটনীতিৰে সমাপ্ত হ'ল ভাৰত অষ্ট্ৰেলিয়াৰ 'প্ৰথম ভাৰ্চুৱেল' শীৰ্ষক সন্মিলনৰ।

স্কট মৰিচনে ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি এটা টুইটৰ জৰিয়তে জনালে, সপ্তাহৰ অন্তত আমি বহু উপভোগ কৰিলো। তেওঁৰ এটা আন্তৰিক ইচ্ছা আছিল নৰেন্দ্ৰ মোদীৰ সৈতে এদিন মুখামুখিকৈ বহি চিংৰাৰ ভাগ বতৰা কৰিবলৈ সক্ষম হোৱা হ'লে ! লগতে উল্লেখ কৰিলে,অহাবাৰ গুজৰাটৰ খিচিৰি হ'ব। সেইবাৰ ব্যক্তিগত ৰূপত লগ হোৱাৰ পূৰ্বে তেওঁ ৰান্ধনীশালাত নিজেই খিচিৰি বনোৱাৰ বাবে চেষ্টা কৰিব।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উত্তৰত মোডীয়ে উল্লেখ কৰিলে, আপোনাৰ চিঙৰাই এতিয়া ভাৰতত সৰৱ চৰ্চা লাভ কৰিছে। যিধৰণে আপুনি খিচিৰিৰ কথা উল্লেখ কৰিছিল সেই লৈ গুজৰাটবাসী অধিক আনন্দিত হ'ব। অষ্ট্ৰেলিয়াত বহুসংখ্যক গুজৰাটী লোক বসবাস কৰে। যদিও খিচিৰি এটা সাধাৰণ ব্যঞ্জন,যি ব্যঞ্জনক দেশৰ ভিন্ন প্ৰান্তত ভিন্ন নামেৰে জনা যায়।

লগতে চাওকঃ স্বাৱলম্বী হ'বলৈ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰকঃ আঙুৰলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.