ETV Bharat / bharat

বিগত 44 বছৰৰ ভিতৰত আগষ্ট মাহত হৈছে 25 শতাংশ অধিক বৰষুণ

চলিত মাহত এতিয়ালৈকে দেশত 25 শতাংশ অধিক বৰষুণ হৈছে ৷ ইয়ে 1983 চনত আগষ্ট মাহত হোৱা 23.8 শতাংশ বৰষুণক চেৰ পেলাই বিগত 44 বছৰৰ ভিতৰত সৰ্বাধিক পৰিমানে বৰষুণ হোৱাৰ অভিলেখ স্থাপন কৰিছে ৷

author img

By

Published : Aug 29, 2020, 3:13 PM IST

Updated : Aug 29, 2020, 8:00 PM IST

বিগত 44 বছৰৰ ভিতৰত আগষ্ট মাহত হৈছে 25 শতাংশ অধিক বৰষুণ
বিগত 44 বছৰৰ ভিতৰত আগষ্ট মাহত হৈছে 25 শতাংশ অধিক বৰষুণ

নিউজ ডেস্ক, 29 আগষ্ট : বিগত 44 বছৰৰ ভিতৰত চলিত আগষ্ট মাহত এতিয়ালৈকে দেশত সৰ্বাধিক পৰিমানে অতিৰিক্ত বৃষ্টিপাত হৈছে ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যত এই কথা প্ৰকাশ পাইছে আৰু ইয়াৰ ফলতেই দেশৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে ৷

চলিত আগষ্ট মাহত সমগ্ৰ দেশত এতিয়ালৈকে 25 শতাংশ অধিক বৃষ্টিপাত হৈছে ৷ ইয়ে 1983 চনৰ আগষ্ট মাহত হোৱা সৰ্বাধিক বৃষ্টিপাতৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ 1983 চনৰ আগষ্টত সমগ্ৰ দেশত 23.8 শতাংশ অত্যধিক বৃষ্টিপাত হৈছিল ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ হাতত 1976 চনত দেশত 28.4 শতাংশ অধিক বৃষ্টিপাত হোৱাৰ তথ্য মজুত আছে ৷

সাধাৰণ অৱস্থাতকৈ এতিয়ালৈকে দেশ 9 শতাংশ অধিক বৃষ্টিপাত হৈছে চলিত বৰ্ষত ৷ বিহাৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, গুজৰাট, গোৱাত অধিক বৃষ্টিপাত হৈছে ৷ আনহাতে ছিক্কিমত সৰ্বাধিক পৰিমানে অত্যধিক বৃষ্টিপাত হৈছে চলিত বৰ্ষত ৷ যাৰ ফলতেই দেশৰ অধিকাংশ ৰাজ্যতেই বানে হাহাকাৰময় অৱস্থাৰ সৃষ্টি কৰিছে ৷

কেন্দ্ৰীয় জল আয়োগৰ মতে, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দেশৰ অধিকাংশ পানী মজুত হৈ থকা স্থানসমূহ অধিক উন্নত অৱস্থাত আছে ৷ বিগত 10 বৰ্ষৰ ভিতৰত এয়া সৰ্বাধিক পৰিমানে উন্নত ফলাফল বুলি জয় আয়োগে মত পোষন কৰিছে ৷ পানী মজুত হৈ থকা এইসমূহ জলাশয়ৰ ভিতৰত গংগা, নৰ্মদা, টাপী, মাহি, সবৰমতী, কট্ছ, গোদাৱৰী, কৃষ্ণা, মহানদী আৰু কাভেৰীৰ জলাশয়সমূহ আছে ৷

জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চল, মনিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত বৰষুণৰ পৰিমান কিছু হ্ৰাস পাইছে ৷

দেশৰ বৰ্ষাকাল চৰকাৰীভাৱে 1জুনৰ পৰা 30 ছেপ্টেবৰলৈ ধৰা হয় ৷ সাধাৰণ বৃষ্টিপাতৰ বিপৰীতে জুন মাহত 17 শতাংশ অধিক বৃষ্টিপাত হৈছিল আৰু জুলাইত 10 শতাংশ অধিক বৃষ্টিপাত হৈছিল ৷

লগতে পঢ়ক : নিয়ন্ত্ৰণ ৰেখা আৰু “লজিষ্টিকছ”ৰ আৱশ্যকতা

Last Updated : Aug 29, 2020, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.