ETV Bharat / bharat

কৃষি আইনৰ বিৰোধীতাৰে কৃষকৰ প্ৰতিবাদ অব্যাহত

কৃষি আইনৰ বিৰোধীতাৰে কৃষকৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দিল্লী আৰক্ষীয়ে চীল কৰে ঔচণ্ডি সীমান্ত ৷ যাৰ ফলত হাৰিয়ানা আৰু দিল্লী অভিমুখে গৈ থকা বহু বাহন ৰাস্তাত আৱদ্ধ হৈ পৰে ৷

hr_kha_01_delhi police ne karwaya haryana delhi auchandi border seal_kharkhauda_pkg_hrc10027
কৃষি আইনৰ বিৰোধীতাৰে কৃষকৰ প্ৰতিবাদ অব্যাহত
author img

By

Published : Dec 1, 2020, 8:25 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: কৃষি আইনৰ বিৰোধীতাৰে দেশত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ শেহতীয়া ভাৱে যোৱা 6 দিন ধৰি হৈ থকা কৃষকৰ প্ৰতিবাদে স্তব্ধ কৰিছে দিল্লীৰ জনজীৱন ৷ কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত কথা বতৰা হৈ আছে যদিও বৰ্তমানলৈ কোনো স্থায়ী সমাধান নোলোৱাত সোমবাৰে দিল্লী আৰক্ষীয়ে ঔচণ্ডি সীমান্ত চীল কৰি দিয়ে ৷ ঔচণ্ডি সীমান্ত চীল কৰি দিয়াৰ পাছতে হাৰিয়ানা আৰু দিল্লী অভিমুখে গৈ থকা বহু বাহন আধা বাটতে আৱদ্ধ হৈ পৰিছে ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷

হাৰিয়ানা আৰু দিল্লী সীমান্তত আৱদ্ধ হৈ থকা ট্ৰাক চালকে জনোৱা মতে, দিল্লী আৰক্ষীয়ে কোনো বাহনকে প্ৰৱেশ কৰিব দিয়া নাই ৷ 24 ঘন্টা ধৰি তেনেকৈ আৱদ্ধ হৈ থকাৰ ফলতে খোৱা লোৱাকে ধৰি বিভিন্ন সমস্যা হৈছে ৷

ঔচণ্ডি সীমা বন্ধ কৰাৰ বাতৰি আৰক্ষী আৰু প্ৰশাসনে লাভ কৰাৰ লগে লগে পথটো বন্ধ কৰা হয়। ছৌধপুৰ আউটপষ্টৰ এ এছ আই দীনেশ কুমাৰে কয় যে, দেওবাৰে নিশা দিল্লী আৰক্ষীয়ে ঔচণ্ডি সীমা বন্ধ কৰি আউটপোষ্টত বেৰিকেড লগাই দিল্লীলৈ যোৱা বাহনবোৰৰ ৰাস্তা সলনি কৰে, যাতে কোনো চালকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে ।

লগতে পঢ়ক: নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.