ETV Bharat / bharat

দিল্লীৰ মহকুমা দণ্ডাধীশৰ কাৰ্যালয়ত আক্ৰমণ যুৱকৰ - covid প্ৰটকল

পূৱ-দিল্লীৰ গান্ধী নগৰৰ মহকুমা দণ্ডাধীশ কাৰ্যালয়ত আক্ৰমণ একাংশ নিয়ম ভংগকাৰী যুৱকৰ । Covid প্ৰটকলৰ নিয়ম ভংগ কৰি মাস্ক পৰিধান নকৰাত আৰক্ষী আৰু যুৱকৰে খণ্ডযুদ্ধ ।

দিল্লীৰ মহকুমা দণ্ডাধীশৰ কাৰ্যালয়ত আক্ৰমণ যুৱকৰ

author img

By

Published : Jan 1, 2021, 11:17 AM IST

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: বিশ্বজুৰি কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে দেশবাসীয়ে উদযাপন কৰিলে নৱবৰ্ষৰ আনন্দ-উল্লাস । তাৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত চৰকাৰে covid প্ৰটকলৰ নিয়ম বান্ধি দিয়ে । দিল্লী চৰকাৰেও Covid প্ৰটকলৰ নিয়ম বান্ধি দি দিল্লীবাসীক নৱবৰ্ষ উদযাপন কৰিবলৈ গাইডলাইন প্ৰকাশ কৰিছিল । কিন্তু একাংশ নিয়ম উলংঘনকাৰীয়ে চৰকাৰে বান্ধি দিয়া গাইডলাইন ভংগ কৰি বছৰৰ শেষৰটো নিশা অৰ্থাৎ ৩১ ডিচেম্বৰৰ নিশা একাংশ স্থানীয় উদণ্ড যুৱকে পূৱ-দিল্লীৰ গান্ধী নগৰৰ মহকুমা দণ্ডাধীশ কাৰ্যালয় চমুকৈ এচ ডি এমত শিল-আইনাৰ টুকুৰা নিক্ষেপ কৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰি আক্ৰমণ চলায় । নিশা ১১ বজাৰ পাচত দিল্লীত কাৰ্ফিউ জাৰি কৰিছিল প্ৰশাসনে । ইয়াৰ বাবে পূৱ-দিল্লীৰ গান্ধী নগৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখি পহৰা দি থকাৰ সময়তে এই আক্ৰমণ চলায় ।

দিল্লীৰ মহকুমা দণ্ডাধীশৰ কাৰ্যালয়ত আক্ৰমণ যুৱকৰ
দিল্লীৰ মহকুমা দণ্ডাধীশৰ কাৰ্যালয়ত আক্ৰমণ যুৱকৰ

ঘটনা অনুসৰি উক্ত স্থানত একাংশ লোকে Covid প্ৰটকলৰ নিয়ম ভংগ কৰি মাস্ক পৰিধান নকৰাত আৰক্ষীয়ে দুহেজাৰ টকাৰ জৰিমনা বিহিছিল । সেই সময়তে আৰক্ষী আৰু একাংশ যুৱকৰে খণ্ডযুদ্ধ আৰম্ভ হয় । তাৰ পাচতেই নিয়ম উলংঘনকাৰী উদণ্ড যুৱকে শিল-আইনাৰ টুকুৰাৰে আক্ৰমণ চলায় । অৱশ্যে এই আক্ৰমণত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ মিট্টলে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: হায়দৰাবাদত তিনি ড্ৰাগছ সৰবৰাহকাৰীসহ তিনিলাখ টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.