ETV Bharat / bharat

ক’ভিডৰ পাচত কমেও 20 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিব শিক্ষা : ছেভ্ দ্যা চিলড্ৰেন

author img

By

Published : Jul 16, 2020, 8:36 AM IST

শিশুৰ কল্যাণৰ বাবে কাম কৰা গ্ৰেট ব্ৰিটেইনৰ ‘ছেভ্ দ্যা চিলড্ৰেন’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ক’ভিড-১৯ৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত হ’ব পৰা সংকটৰ বিষয়ে সকীয়নি প্ৰদান কৰিছে ৷ ‘ছেভ্ আৱাৰ এডুকেশ্যন’ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ক’ভিডে বিশ্বৰ 1.6 বিলিয়ন ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত প্ৰতি বাধা জন্মাইছে ৷ এই সংখ্যা বিশ্বৰ মুঠ শিক্ষাৰ্থীৰ ভিতৰত 91 শতাংশ । অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, ক’ভিড-১৯ ৰ ফলত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি যোৱা এই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পুনৰ শ্ৰেণীকোঠালৈ উভতি নাহিব । ছেভ্ দ্যা চিলড্ৰেনৰ ভাৰতৰ শৈক্ষিক উপ সঞ্চালক কমল গৌৰৰ সৈতে বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত ইটিভি ভাৰতৰ হৈ কৃষ্ণনন্দ ত্ৰিপাঠীয়ে এক সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ৷ সাক্ষাৎকাৰটো সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল :

20% students will drop out of education system post after covid
ক’ভিডৰ পাচত কমেও 20 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এৰিব শিক্ষা

ইটিভি ভাৰত : এয়া এক আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন ৷ ভাৰত আৰু বিশ্বৰ শিক্ষাৰ ক্ষেত্ৰত ক’ভিডৰ প্ৰভাৱ কেনেধৰণৰ হ’ব ?

ছেভ্ দ্যা চিলেড্ৰেন : ইউনেস্ক’ই কোৱা অনুসৰি, প্ৰাক্-প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক স্তৰলৈকে 322 মিলিয়ন শিশু প্ৰভাৱিত হৈছে বা তেওঁলোকৰ শিক্ষা ক’ভিড-১৯ৰ বাবে ব্যাহত হৈ পৰিছে ৷ তেওঁলোকে অনলাইন মাধ্যমযোগে শিক্ষা গ্ৰহণ কৰি থাকিব পাৰে যদিও তাৰে কিমান সংখ্যকে প্ৰকৃতাৰ্থত শিকি আছে আমি নাজানো ৷

শিক্ষাৰ অৱস্থিতিৰ বছৰেকীয়া প্ৰতিবেদন বা ইংৰাজীত এনুৱেল ষ্টেটাছ অৱ এডুকেশ্যন ৰিপ’ৰ্ট (এ এছ ই আৰ) বা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৃতিত্ব সমীক্ষা, ইংৰাজীত নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে (এন এ এছ) আদিয়েও কৈছে যে শিশুসকলে ঘৰত থাকিলে নিশিকে ৷

শিশুসকলে ইতিমধ্যে ভালদৰে শিকা নাই আৰু এতিয়া শিক্ষাৰ পৰাও বঞ্চিত হৈছে ৷ এয়া সমগ্ৰ বিশ্বতে হৈছে যদিও ভাৰতত 322 মিলিয়ন শিশুৰ শিক্ষাত ব্যাঘাত জন্মিছে ৷ গতিকে ইয়াৰ প্ৰভাৱ আপুনি ভালদৰে কল্পনা কৰিব পাৰে । লগতে যিসকল শিশুৱে এতিয়াও বিদ্যালয়ত নামভৰ্তি কৰা নাই তেওঁলোকৰ ওপৰত পৰা প্ৰভাৱৰ কথা ভাবক ৷

তদুপৰি, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সন্তানসকলৰ কথা চিন্তা কৰক, যিসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে স্থানান্তৰিত হৈছে ৷ বিশেষকৈ কন্যা শিশুসকলৰ কথা চিন্তনীয় ৷

ইটিভি ভাৰত : এই 20 শতাংশ ড্ৰপ আউটৰ হাৰ ভাৰত নে সমগ্ৰ বিশ্বতে প্ৰযোজ্য ?

ছেভ দ্যা চিলড্ৰেন : যিকোনো জৰুৰীকালীন অৱস্থাৰ পাছত বিদ্যালয়ৰ পৰা শিশুৰ ড্ৰপ আউটৰ গড় হাৰ এয়া ৷ এতিয়ালৈকে তেনেকুৱা কোনো হিচাপ কৰা হোৱা নাই ৷ এতিয়াও যিহেতু আমাৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহ খোলা নাই, গতিকে কিমান সংখ্যক শিশু প্ৰকৃততে এই মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হ’ব সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো গৱেষণা হোৱা নাই ।

পদপথত বাস কৰা শিশুসকল ক’লৈ গ’ল আমি নাজানো ৷ হঠাতে সকলো অদৃশ্য হৈ গ’ল ৷ সিহঁতৰ শিক্ষা কি হ’ল সেয়াও আমি নাজানো ৷

ইটিভি ভাৰত : চহৰাঞ্চলৰ বহু শিশুৱে অনলাইন ক্লাছৰ আশ্ৰয় লৈছে ৷ ইয়াৰ ফলত সহায় হৈছেনে ?

ছেভ দ্যা চিলড্ৰেন : শিশুহঁতৰ লগত এয়া কেতিয়াও হোৱা নাছিল ৷ শিশুসকলে দূৰৱৰ্তী শিক্ষা লাভ কৰাত কেতিয়াও অভ্যস্ত নাছিল ৷ সিহঁত ক্ৰমশঃ অভ্যস্ত হ’বলৈ লৈছে আৰু বুজি পাইছে যে এয়া এক সম্পূৰ্ণ নতুন বিষয় ৷ তদুপৰি অনলাইনযোগে শিকাবৰ বাবে সাজু নথকা শিক্ষকো বহু আছে ।

এনে পৰিৱেশত শিশুসকলে হেঁচাৰ সন্মুখীন হৈছে ৷ শিশু বুলি ক’লেই আমি মুকলি ঠাইত খেলা-ধূলা কৰি শিকাৰ কথা বুজোঁ ৷ কিন্তু সিহঁত যেতিয়া সিহঁতৰ সমনীয়া আৰু শিক্ষক অবিহনে সৰু সৰু কোঠাত আৱদ্ধ হৈ পৰিব, সেয়া সিহঁতৰ বাবে কোনোপধ্যে উপকাৰী নহয় ৷ ইয়াত সিহঁতে প্ৰশ্ন কৰিব নোৱাৰে । গতিকে এয়া দুইমুখী বা পাৰস্পৰিক শিক্ষা নহয় ৷

ইটিভি ভাৰত : এই চাৰিটা মাহ নষ্ট হৈ গ’ল নেকি ? আপোনাৰ ধাৰণা কি ?

ছেভ্ দ্যা চিলড্ৰেন : যিহেতু কোনো মূল্যায়ন বা মূ্ল্যাংকন হোৱা নাই গতিকে একোৱে শিকা হোৱা নাই বুলি কোৱাটো টান হ’ব৷ কিন্তু নিশ্চিতভাৱে শিক্ষাদান বা শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে ৷

ইটিভি ভাৰত : অনলাইন শিক্ষাই ডিজিটেল প্ৰভেদকো স্পষ্ট কৰে ৷ ভাৰতৰ গ্ৰামাঞ্চলত শিক্ষাৰ অৱস্থা কেনেধৰণৰ ?

ছেভ্ দ্যা চিলড্ৰেন : আমি বিকল্প ব্যৱস্থা বিচৰা উচিত ৷ বিশেষকৈ খৰচ শূন্য বা কম খৰচী শিক্ষাদান প্ৰক্ৰিয়াৰ সন্ধান কৰিব লাগিব ৷ ছেভ্ দ্যা চিলড্ৰেন ইণ্ডিয়াই শিক্ষাৰ বাবে ভ্ৰাম্যমাণ পুথিভঁৰাল, কমিউনিটী ৰেডিঅ’ আদিত জোৰ দি আহিছে।

আমি পিতৃ-মাতৃৰ বাবেও সৰু সৰু কাৰ্যাৱলীৰ পৰিকল্পনা কৰিছো ৷ সেইবোৰ কাম তেওঁলোকে পৰ্যায়ক্ৰমে শিশুহঁতৰ লগত কৰিব পাৰে ৷

গতিকে শিক্ষণ মাথো এটা দিশহে ৷ এই সময়ত তেওঁলোকৰ জীৱনৰ পৰা বহু দিশেই হেৰাই গৈছে ৷ গতিকে শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো এক ডাঙৰ সমস্যা ৷

ইটিভি ভাৰত : মধ্যাহ্ন ভোজন আঁচনিৰ ক্ষেত্ৰত কি হৈ আছে ?

ছেভ্ দ্যা চিলড্ৰেন : অংগনৱাড়ী কৰ্মীসকলে শিশুসকলৰ বাবে ঘৰে ঘৰে খাদ্য বিতৰণ কৰি আহিছে ৷ আমি তেওঁলোকৰ সৈতে কাম কৰোতে এই দায়িত্ব পালন কৰা দেখিছো ৷ এইধৰণৰ প্ৰচেষ্টা অব্যাহত আছে ৷ কিন্তু এনেদৰে বিতৰণ কৰা খাদ্যবোৰ ৰন্ধা নহয় ৷

ইটিভি ভাৰত : ক’ভিডৰ সময়ত পৰীক্ষা পতা সন্দৰ্ভত আপোনাৰ মতামত কি ?

ছেভ্ দ্যা চিলড্ৰেন : আমি বিদ্যালয় আৰু পৰীক্ষা কেন্দ্ৰলৈ শিশুহঁতৰ নিৰাপদ ওভতনিৰ কথা পাতি আছো ৷ যদি আমি সেই নিৰাপত্তা আৰু পৰিচ্ছন্নতা প্ৰদান কৰিব পাৰো, তেন্তে এই বিষয়ে আমি চিন্তা-চৰ্চা কৰিব পাৰো । সামাজিক দূৰত্বৰ নিয়ম কেনেদৰে পালন কৰা হ’ব সেয়া মই নাজানো ৷ এয়া সহজ কথা নহয়, এয়া বহুত কঠিন কাম ৷

এয়া কেৱল পৰীক্ষাৰ কথাই নহয়, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সন্মুখীন হৈ অহা হেঁচাৰ কথাও জড়িত আছে ৷ যদিহে পৰীক্ষা কেন্দ্ৰসমূহ শিশুসকলৰ বাবে নিৰাপদ নহয়, তেন্তে এই চিন্তা আমি ত্যাগ কৰা উচিত বুলি মই ভাবো ৷

ইটিভি ভাৰত : আমাৰ বিদ্যালয়বোৰ খোলা উচিত নে অনুচিত ?

ছেভ্ দ্যা চিলড্ৰেন : ছেভ্ দ্যা চিলড্ৰেনত আমি বিদ্যালয়লৈ শিশুসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিছো ৷ শিশুসকলৰ বাবে পৰিস্থিতি নিৰাপদ নোহোৱালৈকে আৰু পৰৱৰ্তী পৰ্যায়ত অবিৰতভাৱে ভালদৰে পৰিচালিত নোহোৱালৈকে আমি শিশুসকলক পুনৰ শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰিব নালাগে ৷ আমাৰ বিদ্যালয়বোৰো পৃথকীকৰণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ গতিকে সেইবোৰ আমি ছেনিটাইজ কৰিব লাগিব । বিদ্যালয়সমূহ খোলাৰ আগতে কৰিবলগীয়া বহু প্ৰস্তুতিমূলক কাম বাকী আছে ।

ইটিভি ভাৰত : ক’ভিডৰ পৰৱৰ্তী সময়ত শিক্ষাখণ্ডটোক পুনৰুজ্জীৱিত কৰিবলৈ কিমান ধনৰ প্ৰয়োজন হ’ব ?

ছেভ্ দ্যা চিলড্ৰেন : ইউনেস্ক’ই অলপতে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ মতে, ধন সংগ্ৰহৰ ক্ষেত্ৰত 12 শতাংশ হ্ৰাস পাব ৷ গতিকে ইতিমধ্যে আমি বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছো ৷ কামৰ পৰিমাণলৈ চালে আপুনি বুজিব যে বহু কৰিবলগীয়া বাকী আছে ৷

স্বাস্থ্য আৰু জীৱিকাৰ ক্ষেত্ৰত বিনিয়োগ অতিকৈ গুৰুত্বপূৰ্ণ বুলি ময়ো অনুধাৱন কৰো । কিন্তু শিক্ষাৰ সংকট দূৰ কৰাৰ বাবে শিক্ষাখণ্ডতো বিনিয়োগ কৰাতো অতি জৰুৰী ৷

কৃষ্ণনন্দ ত্ৰিপাঠী, ইটিভি ভাৰত

লগতে পঢ়ক : ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.