কৰ’ণা ভাইৰাছে বিশ্বত সৃষ্টি কৰা নতুন নতুন পৰিস্থিতিত এগৰাকী লোকৰ মৃত্যু হ’লে তেওঁ ৰীতি-নীতিৰ পৰা বঞ্চিত হোৱাই নহয়, তেওঁ মাথো এটা সংখ্যালৈ ৰূপান্তৰিত হৈছে । এই অতিমাৰীৰ ভয়াৱহতা নিশ্চিত কৰিবলৈ মৃত লোকসকল একো একোটা প্ৰসংগ হৈ পৰিছে । সমাজখনে শক্তিশালী প্ৰতিৰোধ ক্ষমতা আহৰণ নকৰিলে কিমান মানুহৰ মৃত্যু হ’ব সেয়াও ভৱিষ্যদ্বাণী কৰিবলৈ তেওঁলোক মাপক হৈ পৰিছে । ক’ভিড-১৯ৰ মৃ্ত্যুৰ হাৰ কম থকা দেশ যেনে—আইচলেণ্ড,আনকি চীনৰ উদাহৰণৰে বহুতে স্বস্তিৰ নিশ্বাস পেলাব খোজে । যেতিয়া দেশত এক শতাংশতকৈ কম মৃত্যুৰ হাৰ থাকে তেতিয়া তেওঁলোকে মৃত্যুৰ পৰা হাত সাৰিব বুলি ভাৱে । ধৰি লোৱা হ’ল,এই হাৰ তিনি শতাংশ,তেতিয়া কি হ’ব?
এই সংখ্যাবোৰে সকলো ঢাকি ৰাখে । তেওঁলোকে কেৱল জনবিন্যাসেই নহয়,নাম,ঠিকনা সকলো হেৰুৱায় । ইটালীত মৃত্যু হোৱা লোকসকলৰ গড় বয়স আছিল ৭৮ বছৰ । ইটালীত এই বেমাৰত মৃত্যু হোৱা লোকৰ গড় বয়স ৭৮ ৰ অধিক । আমেৰিকাত ইয়াৰ ৰূপ একেই নহয়,দেশখনত অধিকাংশ কৃষ্ণাংগ লোক আক্ৰান্ত হৈছে । ইয়াতো মৃত সকলক সমাধিস্থ কৰা কামটো অকলশৰে বা কেইজনমান মানুহৰ দ্বাৰা কৰিব লগা হৈছে । পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰিব নোৱৰাকৈয়ে অকলশৰে দুখ কৰিব লগা হৈছে । ভাৰতৰ এখন মহানগৰত এগৰাকী ৬৫ বছৰীয়া লোকক মাত্ৰ ২৫২ নম্বৰ আখ্যা দিয়া হৈছিল। অতিমাৰীত মৃত্যু হোৱা লোকৰ দ্বাৰা যাতে কবৰস্থান আৰু শ্মশানত বীজাণু নিবিয়পে সেই ক্ষেত্ৰত সৰৱ লোকসকলক অসন্তুষ্ট নকৰিবলৈ কৰ্তৃপক্ষই নীৰৱে মৃতদেহটো সমাধিস্থ কৰে । মৃত লোকজনক পৰিয়ালৰ কোনো লোক বা সম্পৰ্কীয় সেই সময়ত উপস্থিত নাছিল । মৃত্যু এক ব্যক্তিগত বিষয়। এগৰাকী মানুহৰ মৃত্যু হ’লে পৰিয়ালৰ লোকসকল আৰু বন্ধু-বান্ধৱে মৃতকৰ কথা মনত পেলাই একেলগে দুখ প্ৰকাশ কৰে । তেওঁলোকে সেয়া এতিয়াও কৰিব পাৰে। কিন্তু আক্ৰান্তজনৰ মৃতদেহটো গোপনে ভয়ে ভয়ে সৎকাৰ বা সমাধিস্থ কৰিবলগীয়া হয় ।
এই অতিমাৰীৰ সময়ত আন সমাজবোৰৰ দৰেই ভাৰতীয়সকলৰ মনতো জীৱন আৰু মৃত্যুৰ প্ৰশ্নবোৰে দোলা দি আছে । আমাৰ দেশত কি হ’ব ? অতিমাৰীৰ প্ৰকোপ বৃদ্ধি পাইছে নে কমিছে,কিমান মানুহৰ মৃত্যু হৈছে ?
এনে বহু প্ৰশ্ন মানুহৰ মনত তেওঁলোকৰ নিজা নিজা ধৰণে মতৰ সৃষ্টি কৰে । গতিকে এপিডেমিঅ’লজিষ্ট,কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা গণিতজ্ঞ,অভিযন্তা আৰু আন আন বিশেষজ্ঞসকলে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা নিজা জ্ঞান আগবঢ়াই আছে । কিন্তু ই কাকো জ্ঞানী কৰি তোলা নাই । কৰ’ণা ভাইৰাছ সমাজৰ সৰ্ববৃহৎ ঘাটক নেকি ? আমাৰ মৃত্যুৰ হাৰ বৃদ্ধি কৰা আনবোৰ ঘাটক যেনে—কৰ্কট, দুৰ্ঘটনা,হাইপাৰ টেনছন আদিবোৰ কি ? যেতিয়া পৃথিৱীত কৰ’ণা ভাইৰাছ নাছিল তেতিয়া এই ঘাটকবোৰে একে সমানে মানুহৰ প্ৰাণ কঢ়া নাছিলনে ? এক কথাত আমাৰ আকাশ ক’লা,বায়ু দূষিত,বিশৃংখল ট্ৰেফিক কিছু দিন আগলৈকে আমিয়েই দেখা আহিছিলো।
ধাৰণাৰ বাদে ইয়াৰ প্ৰভাৱ সম্পৰ্কে নিশ্চিত তথ্য লাভ কৰিবলৈ কোনো উপায় নাই । যিহেতু ৰাস্তাত যান-বাহনৰ চলাচল নাই, দুৰ্ঘটনাও সংঘটিত হোৱা নাই । মাত্ৰ লক ডাউন আৰু আৰক্ষীৰ পৰা বাচিবলৈ পলাবলৈ চেষ্টা কৰা কিছুসংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হৈছে । আনহাতে পাঞ্জাৱত এগৰাকী আৰক্ষীৰ মটৰ চাইকেলখনক তীব্ৰবেগী বাহন এখনে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয় । তেনে দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাবে দুৰ্ঘটনা নঘটা বুলিয়েই ক’ব পাৰি । আনহাতে হাস্পতালবোৰ তেনে ৰোগীৰ বাবে বন্ধ থকাৰ বাবেও হয়তো এইবোৰ মৃত্যু ঘটিছে । যিবোৰ হাস্পতাল চলি আছে সেইবোৰত বৰ্হিবিভাগ বা জৰুৰীকালীন সেৱা উপলব্ধ নহয় বা কৰ’ণা ৰোগীৰ চিকিৎসাৰ বাবে ৰখা হৈছে । আনকি কেম'থেৰাপী দিয়া কৰ্কট ৰোগীসকলকো ঘৰলৈ পঠিয়াই দিয়া হৈছে । দিল্লীৰ ৰাজপথত সংগ্ৰাম কৰিবলগীয়াসকলৰ ভিতৰত চিকিৎসালৰ পৰা উলিয়াই দিয়া ৰোগীসকলো আছে । ক’ভিড-১৯ ৰোগীৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰি থকাৰ সময়ত আন মৃত্যুৰ সংখ্যা পৃথিৱীত কমিবনে ? চিকিৎসালয়বোৰে আন অসুস্থতকা গুৰুত্ব নিদিয়া সন্দৰ্ভত আমেৰিকাৰ এগৰাকী বিষয়াক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কৰ’ণা ভাইৰাছৰ বাদে আন ধৰণে অসুস্থ হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে ।
এই ব্যৱস্থাত অভ্যস্ত হ’বলৈ মানুহক কিছু সময়ৰ প্ৰয়োজন হ’ব । কিন্তু পৃথিৱীত সঁচাকৈয়ে লক ডাউনৰ ফলত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছেনে ? বিগত ৩০ দিনত লক্ষ্ণৌৰ এটা শ্মশানত পূৰ্বৰ এঘাৰশতৈ অধিক মৃতদেহৰ সলনি আঠশলৈ হ্ৰাস পায় । দিল্লীৰ শ্মশানবোৰতো ভিৰ নাই । বিশেষকৈ মৃতদেহ সৎকাৰৰ বাবে লগত অহা মানুহৰ সংখ্যাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা আৰোপ কৰাৰে পৰা মানুহৰ ভিৰ কমিছে ।
মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাটোৰ পৰা কি সিদ্ধান্তত উপনীত হ’ব পাৰি ? ভাৰতৰ সৰ্ববৃহৎ ঘাটক হৈছে হাৰ্ট এটেক বা চি পি অ’ ডি,যক্ষ্মা,দুৰ্ঘটনা আদিৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ । গতিকে আন ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিলেও এনেবোৰ ৰোগত আক্ৰান্ত হৈ বহু লোকে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে । হাস্পতালবোৰে চিকিৎসাৰ ক্ষেত্ৰত খৰখেদা কৰা বুলি কথাষাৰৰ সত্যতা আছে । যাৰ ফলত সাধাৰণ ৰোগ থাকিলে ৰোগীসকলে হাস্পতাললৈ যাব নিবিচাৰে। পৰামৰ্শ এয়াই যে ঘৰতে থাকক আৰু প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা আৰোগ্য লাভ কৰক । যেতিয়া শৰীৰে ভাইৰাছটোৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে তেতিয়া ৰোগীজনে পৰীক্ষা আৰু চিকিৎসাৰ বাবে হাস্পতাললৈ যাব লাগে । অধিক গুৰুতৰ নোহোৱা ৰোগীসকলক ঘৰতে ৰখাৰ কিছু যুক্তি নিশ্চয় আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সম্পন্ন এক অধ্যয়ন মতে চিকিৎসকৰ ধৰ্মঘটে মৃত্যুৰ হাৰ হ্ৰাস কৰিছে । এয়া কেৱল এটা বিশেষ ধৰ্মঘটৰ পৰা লাভ কৰা তথ্য নহয়,বৰঞ্চ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাতটা বিভিন্ন ধৰ্মঘটৰ পৰা লাভ কৰা তথ্য এয়া । এই ধাৰণাটো যদি প্ৰয়োগ কৰা হয় জনস্বাস্থ্যৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ।
প্ৰথম ডাঙৰ সিদ্ধান্ত এয়ে যে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব পাৰি যদিহে ৰোগীজনক গুৰুতৰ অৱস্থাত চিকিৎসায়লৈ নিয়া হয়। বহু ক্ষেত্ৰত তেওঁলোকৰ অৱস্থা হাস্পতালত থাকোতে সংকটজনক হৈ পৰে। দ্বিতীয়তে ৰোগৰ পৰীক্ষাৰ নিয়মবোৰ স্বচ্ছ হ’ব লাগে,কেৱল চিকিৎসকৰ ওপৰতে এইবোৰ এৰি দিব নালাগে । বহু চিকিৎসকে প্ৰয়োজন নোহোৱাকৈ সকলোবোৰ পৰীক্ষা বাৰে বাৰে কৰিব বিচাৰে। পৰীক্ষা সম্পৰ্কে বহু জনস্বাস্থ্য বিশেষজ্ঞই নিজৰ মতামত আগবঢ়াইছে ।
সংখ্যাক ভালদৰে অনুধাৱন কৰিব পৰা একাংশ লোকে ক’ব খোজে যে হৃদৰোগ,পথ দুৰ্ঘটনা আদিতকৈ কৰ’ণা ভাইৰাছে কম লোকৰ প্ৰাণ কাঢ়িব । সেয়ে কৰ্তৃপক্ষই সম্ভৱ হ’লে নতুন ব্যৱস্থা গ্ৰহণ কৰিব লাগে । মৃতদেহৰ পৰা সংক্ৰমণ হ’ব পৰা পৰিস্থিতিত মৃত্যুৰ লগত জড়িত ৰীতি-নীতিবোৰো সলনি হৈ পৰিব ।
লেখকঃ সঞ্জয় কাপুৰ
লগতে চাওকঃ লক ডাউনৰ ফলত শাক পাচলিৰ অভাৱ হোৱাৰ সম্ভাৱনা অৰুণাচল প্ৰদেশত