নেশ্যনেল ডেস্ক, 20 মাৰ্চ: সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক বিচাৰি উলিয়াবলৈ বিশ্বৰ আগশাৰীৰ চিকিৎসক,বৈজ্ঞানিকসকল বিফল হৈছে ৷ এনে সময়তে বাৰাণসীত সঞ্জয় তিৱাৰী নামৰ এজন তথাকথিত জ্যোতিষীয়ে জ্যোতিষবিদ্যাৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিচাৰি উলিওৱাৰ দাবী কৰি ৰঙাঘৰৰ আলহী হ'বলগা হৈছে ৷ তিৱাৰীয়ে প্ৰচাৰপত্ৰত উল্লেখ কৰিছিল যে,তেওঁৰ মন্ত্ৰৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰাৰ লগতে এই সংক্ৰমণ ৰোধ কৰিব পৰা যাব ৷
ভণ্ড লোকজন বাৰাণসীৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত চামনিঘাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে সন্ধিয়া লংকা আৰক্ষীয়ে লোকজনক চামনিঘাটৰ স্ব-গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ লক্ষ্ণৌত 'ক'ৰণা ৱালে বাবা' গ্ৰেপ্তাৰ হোৱাৰ এসপ্তাহ পাৰ নৌহওঁতেই গ্ৰেপ্তাৰ হৈছে সঞ্জয় তিৱাৰী ৷ এই ঘটনাৰ লগত জড়িত ফ'টোগ্ৰাফ আৰু প্ৰচাৰপত্ৰ ভাইৰেল হোৱাৰ পাছতেই সক্ৰিয় হৈ পৰিছিল আৰক্ষী বিভাগ ৷
আৰু পঢ়ক : জয়পুৰ হাস্পতালত ইটালীয়ান পৰ্যটকৰ মৃত্যু