নেশ্বনেল ডেস্ক, 20 অক্টোবৰ : মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচন, 2019 ৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰিলে বিভিন্ন দলে ৷ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন সমদল আৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় দলসমূহৰ সমৰ্থকে ৷ শেষৰ দিনাৰ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ প্ৰচাৰ অভিযানত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ উপস্থিতি পৰিলক্ষিত হয় ৷ হাৰিয়ানাৰ ৰেৱাৰী আৰু ছিৰছাত এক বৃহৎ সমদলক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আনহাতে, মহাৰাষ্ট্ৰৰ সমদলত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন :
21 তাৰিখে অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ বাবে মহাৰাষ্ট্ৰত সম্পূৰ্ণ হৈ উঠিছে সমগ্ৰ প্ৰস্তুতি ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে মহিলা, বিশেষভাৱে সক্ষম লোক আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে ৷ ধৰবীত 'সখী' নামেৰে গুলপীয়া ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু কেৱল মহিলাৰ দ্বাৰা এই কেন্দ্ৰ পৰিচালিত কৰা হ'ব ৷ 288 জনীয়া সদস্যৰ মহাৰাষ্ট্ৰ বিধানসভাত 150 টাকৈ আসনত বিজেপি দলে আৰু 124 টা আসনত শিৱসেনাই প্ৰতিদ্বন্দিতা কৰিব ৷ বাকী থকা আসনসমূহত বিভিন্ন মিত্ৰজোঁটৰ দলসমূহে প্ৰতিদ্বন্দিতা কৰিব ৷
হাৰিয়ানা বিধানসভা নিৰ্বাচন :
90 জনীয়া সদস্যৰ হাৰিয়ানা বিধানসভাত বিজেপি, কংগ্ৰেছ, ভাৰতীয় ৰাষ্ট্ৰীয় লোক দল আৰু জন্নায়ক জনতা দলে প্ৰতিদ্বন্দিতা কৰিব ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলসমূহে জোৰদাৰ প্ৰচাৰ অভিযান চলায় ৷ প্ৰায় এমাহজোৰা এই প্ৰচাৰ অভিযানত বিভিন্ন দলৰ প্ৰতিদ্বন্দীসকলৰ মাজত যুক্তি তৰ্ক পৰিলক্ষিত হয় ৷