ETV Bharat / bharat

এন আৰ চি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

author img

By

Published : Aug 13, 2019, 5:36 PM IST

অসমৰ এন আৰ চি সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ 31 আগষ্টৰ দিনা কেৱল অ'নলাইন মাধ্য়মেৰে প্ৰকাশ পাব চূড়ান্ত এন আৰ চি ৷

এনআৰচি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

নেশ্বনেল ডেস্ক, 13 আগষ্ট : মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ এন আৰ চি সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ এন আৰ চিৰ কাম পুনৰ আৰম্ভ কৰা আৰু সংগ্ৰহিত তথ্যৰ নমুনাৰ পুনৰ সত্যাসত্য নিৰূপণৰ বাবে চৰকাৰৰ অনুৰোধক নাকচ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এ আৰ নাৰিমানে মন্তব্য কৰে যে, আধাৰ তথ্যৰ দৰে এন আৰ চিৰ তথ্যটো কোনো জটিলতা নহ'বৰ বাবে যথাযোগ্য সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব ৷

আনহাতে,31 আগষ্টৰ দিনা কেৱল অ'নলাইনৰ জৰিয়তেহে এন আৰ চি প্ৰকাশ কৰা হ'ব ৷ সন্দেহজনক ভোটাৰ অথবা বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী বুলি চিহ্নিত কৰা লোকৰ 2004 বৰ্ষৰ 3 ডিচেম্বৰৰ পাছত জন্মগ্ৰহণ কৰা সন্তানক এন আৰ চিত অন্তৰ্ভুক্ত কৰা নহয় ৷ আনহাতে,অবৈধ প্ৰব্ৰজনকাৰী সম্পৰ্কত বিদেশী ন্যায়াধীকৰণে দিয়া ৰায়দানক প্ৰত্যাহ্বান জনাব পাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷

ASSAM NRC : SOME IMPORTANT ORDERS BY SUPREME COURT

এনআৰচি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

নেশ্বনেল ডেস্ক, 13 আগষ্ট : মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ এনআৰচি সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ এনআৰচিৰ কাম পুনৰ আৰম্ভ কৰা আৰু সংগ্ৰহিত তথ্যৰ নমুনাৰ পুনৰ সত্যাসত্য নিৰূপনৰ চৰকাৰৰ অনুৰোধক নাকচ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন নাৰিমানে মন্তব্য কৰে যে, আধাৰ তথ্যৰ দৰে এনআৰচি তথ্যটো কোনো জটিলতা নহ'বৰ বাবে যথাযোগ্য সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব ৷

আনহাতে, 31 আগষ্টৰ দিনা কেৱল অ'নলাইনৰ জৰিয়তেহে এনআৰচি প্ৰকাশ কৰা হ'ব ৷ সন্দেহজনক ভোটাৰ অথবা বৈদেশিক ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি চিহ্নিত কৰা লোকৰ 2004 বৰ্ষৰ 3 ডিচেম্বৰৰ পাছত জন্মগ্ৰহণ কৰা সন্তানক এনআৰচিত অন্তৰ্ভূক্ত কৰা নহয় ৷ আনহাতে, অবৈধ বিদেশী সম্পৰ্কত বিদেশী ন্যায়াধীকৰণে দিয়া ৰায়দানক প্ৰত্যাহ্বান জনাব পাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.