ETV Bharat / bharat

গুজৰাটত আবদ্ধ হৈ থকা অসমৰ যুৱকৰ মুখ‍্যমন্ত্ৰীলৈ কাতৰ আহ্বান - লকডাউনৰ ফলত আবদ্ধ

অসমৰ বহু কেইজন যুৱক লকডাউনৰ ফলত আবদ্ধ হৈ আছে গুজৰাটত । আশ্ৰয়, খাদ্য আৰু অৰ্থ সংকটত ভোগীবলৈ লৈছে যুৱক কেইজনে । সেয়ে তেওঁলোকে অসমৰ মুখ‍্যমন্ত্ৰীৰ ওচৰত বিছাৰিছে সহায় ভিক্ষা ।

অসমৰ শ্ৰমিক আবদ্ধ গুজৰাটতৰ
অসমৰ শ্ৰমিক আবদ্ধ গুজৰাটতৰ
author img

By

Published : Apr 9, 2020, 9:59 AM IST

গুৱাহাটী, 9 এপ্ৰিলঃ কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যচৰকাৰ সমূহৰ লগতে কেন্দ্ৰীয় চৰকাৰেও তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে 25 মাৰ্চৰ পৰাই ঘোষণা কৰিছে লক ডাউন । লক ডাউনৰ সময়ত বন্ধ হৈ পৰিছে সকলো যাতায়ত পৰিবহণ তথা স্বাভাৱিক জীৱন জাপন । লক ডাউনৰ সময়চোৱাত প্ৰতিখন ৰাজ্যতে আবদ্ধ হৈ পৰিছে আন ৰাজ্যৰ পৰা যোৱা বিভিন্ন লোকসকল ।

ছ'চিয়েল মিডিয়াত মুখ‍্যমন্ত্ৰীৰ ওচৰত সহায় বিছাৰি দিয়া ভিডিঅ'টো

পৰিয়াল ভৰণ-পোষনৰ তাগিদাত গুজৰাটত কাম কৰিবলৈ যোৱা অসমৰ বহু কেইজন যুৱক লকডাউনৰ ফলত আবদ্ধ হৈ আছে গুজৰাটত । আশ্ৰয়, খাদ্য আৰু অৰ্থ সংকটত ভোগীব লৈছে যুৱক কেইজনে । সেয়ে তেওঁলোকে অসমৰ মুখ‍্যমন্ত্ৰীৰ ওচৰত বিছাৰিছে সহায় ভিক্ষা । ছচিয়েল মেডিয়াত ভিডিঅ' এটিৰ জৰিয়তে সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

তেওঁলোকে কয়, "আমি বৰ্তমান কৰ্ম সংস্থাপনহীন হোৱাৰ লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো বহুত জটিলতা আহি পৰিছে। ভাড়া ঘৰৰ পইচা দিব নোৱাৰাৰ ফলত ইয়াৰ পৰা ওলাই যাব লাগিব কেইদিনমানপাছত । গতিকে মুখ‍্যমন্ত্ৰী মহোদয়ে আমাক যেন ইয়াৰ পৰা উদ্ধাৰ কৰে।"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.