তেজপুৰ, 2 ছেপ্টেম্বৰ : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে পূব চিয়াং জিলাৰ মেবু ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত হোৱা এলেকা পৰিদৰ্শন কৰে কেন্দ্ৰীয় ইন্টাৰ মিনিস্ত্ৰীয়েল চেণ্ট্ৰেল টিমে ৷ মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া ভ্ৰমণৰে জিলাখনৰ ক্ষতিগ্ৰস্ত এলেকা, পথ আৰু পানীত অনিষ্ট হোৱা কৃষকৰ খতিয়ান লয় দলটোৱে । লগতে, দলটোক সংগ দিয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

উল্লেখ্য যে, চিয়াং নদীৰ পানীয়ে মেবু ঢলা পথ উটুৱাই নিয়াৰ পিচত যাতায়ত ব্যাহত হৈছিল আৰু কেন্দ্ৰীয় দলটোৱে উক্ত অঞ্চল পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ বাবে আলোচনা কৰে । ইফালে, বানপানীৰ ফলত বহুতো পথ বিচ্ছিন্ন হোৱাৰ লগতে প্ৰায় 700 হেক্টৰ কৃষিভূমিৰ অনিষ্ট সাধন হয় । মুখ্যমন্ত্ৰী খাণ্ডুয়ে 7 জনীয়া কেন্দ্ৰীয় দলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব কে বি সিঙৰ লগতো মিলিত হয় । এই ভ্ৰমণ কালত নামিচিং গাঁৱৰ লোকে বনোৱা বাঁহৰ পৰকো পাইন পৰিদৰ্শন কৰে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী খাণ্ডুৰ লগত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে অৰুণাচল প্ৰদেশ পূবৰ সাংসদ তাপীৰ গাঁৱ ,বিধায়ক নিনং চেৰিং, কালিঙ মায়ং, লম্বো টায়েঙ, গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং আৰু জিলা উপায়ুক্ত ডঃ কেনি সিং । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় দলৰ লগত মুখ্যমন্ত্ৰী পাচিঘাটত এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক : বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম