অৰুণাচল প্ৰদেশে 20 ফেব্ৰুৱাৰী দিনটো উদযাপন কৰি আহিছে ৰাজ্যিক দিৱস হিচাপে ৷ 1987 চনত আজিৰ দিনটোতে সম্পূৰ্ণ ৰাজ্যৰ মৰ্যদা লাভ কৰিছিল অৰুণাচল প্ৰদেশে ৷ 1972 চনলৈ এই অঞ্চলটোক ‘নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি’ চমুকৈ নেফা বুলি জনা গৈছিল ৷ 1972 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা লাভ কৰাৰ পিচতেই ইয়াক অৰুণাচল প্ৰদেশ নাম দিয়া হয় ৷
ইতিহাস :
1954 চনত গঠন কৰা হৈছিল ‘নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি’ চমুকৈ নেফা ৷ 1972 চনত ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় ৷ 1974 চনলৈ ইয়াৰ প্ৰশাসনিক মুখ্যালয় আছিল শ্বিলং ৷ তাৰ পৰৱৰ্তী সময়ত ইয়াক ইটানগৰলৈ স্থানান্তৰিত কৰা হয় ৷ 1987 চনত অৰুণাচল প্ৰদেশে পূৰ্ণাংগকালীন ৰাজ্যৰ মৰ্যদা লাভ কৰে ৷ অসমৰ ৰাজ্যিক চৰকাৰৰ গৱৰ্নৰৰ অধীনত ইয়াৰ প্ৰশাসনিক যন্ত্ৰই কাম কৰিছিল ৷ ভাৰতৰ সংবিধান বলৱৎ হোৱাৰ পিচতে এই দায়িত্বৰ পৰা গৱৰ্নৰক অব্যাহতি দিয়া হয় ৷ উত্তৰ-পূৰ্বাঞ্চল (পুনৰগঠন) আইন, 1971 এ নেফাক এটা নতুন নামৰ লগতে নতুন ৰাজনৈতিক ক্ষমতা প্ৰদান কৰে ৷ নেফাক অৰুণাচল প্ৰদেশ নামেৰে নামাংকন কৰাৰ পিচতেই 1972 চনত ভাৰত গণৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয় ৷ তেতিয়া ইয়াক মুখ্য আয়ুক্তৰ অধীনত নিয়ন্ত্ৰণ কৰা হৈছিল ৷ 1975 চনটো অৰুণাচল প্ৰদেশৰ বাবে এক উল্লেখনীয় বৰ্ষ আছিল আৰু সেই বছৰতে প্ৰদেশ কাউন্সিলক বিধানমণ্ডললৈ পৰিৱৰ্তন কৰা হৈছিল আৰু মন্ত্ৰীমণ্ডল নিযুক্ত কৰা হৈছিল ৷ সংবিধানৰ 55 সংশোধনী আইনৰ দ্বাৰা 1987 চনৰ 20 ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশে সম্পূৰ্ণ ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ লগতে এখন পূৰ্ণাংগকালীন ৰাজ্যৰূপে স্বীকৃতি লাভ কৰে ৷
নেফাৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তাৰ পিচত এখন পূৰ্ণাংগকালীন ৰাজ্যৰূপে স্বীকৃতি লাভ কৰালৈ অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক ইতিহাসৰ এক চমু বৃত্তান্ত :
নেফা পঞ্চায়তী ৰাজ অধিনিয়ম 1967, 1967 চনত গৃহীত কৰা হৈছিল ৷ 1969 চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এজেন্সি কাউন্সিল- সৰ্বোচ্চ পৰিষদ যাক ৰাজ্যিক বিধানমণ্ডলৰ দৰে ক্ষমতা দিয়া হৈছিল, 1969 চনৰ 3 ডিচেম্বৰত ইয়াক মুকলি কৰা হৈছিল ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 1972 চনৰ 20 জানুৱাৰীত নেফাক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু নাম দিছিল অৰুণাচল প্ৰদেশ ৷ নেফাই অৰুনাচল প্ৰদেশ নাম পোৱাৰ পিচতেই এজেন্সি কাউন্সিলক প্ৰদেশ কাউন্সিল হিচাপে নামাংকন কৰা হৈছিল ৷ইন্দিৰা গান্ধীয়ে শ্বিলঙত 1972 চনৰ 28 ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ ৰাজধানী হিচাপে ইটানগৰৰ নাম ঘোষণা কৰিছিল ৷নতুন প্ৰদেশ কাউন্সিলখন 1972 চনৰ 1 আগষ্টত গঠন কৰা হৈছিল ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী ভিভি গিৰিয়ে 1974 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখে ইটানগৰক অৰুণাচলৰ ৰাজধানী হিচাপে উন্মোচন কৰিছিল ৷ প্ৰদেশ কাউন্সিলক 1975 চনৰ 15 আগষ্টত বিধানমণ্ডললৈ ৰূপান্তৰিত কৰা হৈছিল ৷ ইয়াৰ দ্বাৰাই মুখ্য কাউন্সিলৰে মুখ্যমন্ত্ৰী হৈছিল আৰু কাউন্সিলৰে মন্ত্ৰী হোৱাৰ লগতে প্ৰদেশ কাউন্সিলৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হৈ পৰিছিল ৷অৰুণাচল প্ৰথম বিধানসভা নিৰ্বাচন 1978 চনত অনুষ্ঠিত হৈছিল ৷1987 চনৰ 20 ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশে পূৰ্ণাংগকালীন ৰাজ্যৰ মৰ্যদা লাভ কৰে ৷
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা অৰুণাচল প্ৰদেশৰ 34 সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰে ৷ অমিত শ্বাহৰ লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যিক আৰক্ষীৰ নতুন মুখ্যালয়ৰ আধাৰশীলা স্থাপন কৰে ৷ ইয়াৰ লগতে, অৰুণাচল প্ৰদেশ উদ্যোগিক আৰু বিনিয়োগ নীতি, 2020 উদ্বোধন কৰাৰ লগতে, জোৰাম কোলোৰিয়াং পথটো উন্মোচন কৰে ৷
অৰুণাচল প্ৰদেশৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ কনিষ্ঠতম ৰাজ্য মিজোৰামেও পালন কৰে ইয়াৰ 33 সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস ৷ 1987 চনত আজিৰ দিনটোতে আইজলত মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৷ মিজো নেশ্বনেল ফ্ৰন্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত চুক্তিৰ পিচতেই মিজোৰামে পূৰ্ণাংগ ৰাজ্যৰ ৰূপ পায় ৷ 1986 চনৰ 30 জুনত এমএনএফ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পাদিত হোৱা ঐতিহাসিক মিজো শান্তি চুক্তিয়ে মিজোৰামক এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰে ৷ ভাৰতীয় সংবিধান 371 জি অনুচ্ছেদৰ অধীনত মিজোৰামক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছিল ৷
মিজোৰাম গঠনৰ অন্তৰালৰ এক চমু ইতিহাস :
ৰাজীৱ গান্ধীয়ে নিজৰ মাতৃৰ মৃত্যুৰ পাছত দেশৰ শাসনভাৰ চমজি লোৱাৰ পিচতেই ভাৰতীয় ৰাজনীতিত এক নতুন ধাৰাৰ আগমণ হয় ৷ মিজো নেশ্বনেল ফ্ৰন্টৰ অধ্যক্ষ লালডেংগাই 1985 চনৰ 15 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে ৷ এই সাক্ষাতৰ সময়তে পূৰ্বৱৰ্তী আলোচনাত সমাধান কৰিব নোৱাৰা বহুটো বিবাদমান বিষয় প্ৰধানমন্ত্ৰীৰ আগত দাঙি ধৰে লালডেংগাই ৷ সকলো ধাৰণাই এইটো দাঙি ধৰিছিল যে, কেন্দ্ৰীয় চৰকাৰৰ লগত এমএনএফেও এই সূবৰ্ণ সূযোগ হেৰুৱাব নিবিছাৰে ৷ নতুন দিল্লীয়ে ভাবিছিল যে, মিজো সমস্যা বহুদিনৰ পৰাই ওলমি আছে আৰু ইয়াৰ বিপৰীতে এমএনএফে অস্ত্ৰ সম্বৰণ কৰি সন্মানীয় ভাৰতীয় নাগৰিক হিচাপে শান্তি আৰু উন্নয়নৰ ধাৰণাৰ পক্ষপাতী আছিল ৷ 1986 চনৰ 30 জুনত এমএনএফ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত চুক্তিৰ মুল বিষয়টো আছিল পৃথক ৰাজ্য ৷ এমএনএফৰ হৈ লালডেংগা আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ কেন্দ্ৰীয় গৃহ সচিব আৰ ডি প্ৰধান আৰু মিজোৰামৰ হৈ লালখামাই এই চুক্তিত স্বাক্ষৰ কৰিছিল ৷ ইয়াৰ পিচতেই বহুসংখ্যক এমএনএফ বিদ্ৰোহীয়ে মুকলিলৈ ওলাই আহি পাৰভা আৰু মাৰপাৰাত স্থাপন কৰা বাঁহৰ জুপুৰীত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ দুসপ্তাহৰ ভিতৰতে জুলাই মাহত 614 গৰাকীকৈ বিদ্ৰোহীয়ে আত্মসমৰ্পন কৰাৰ লগতে এলএমজিকে ধৰি অন্যান্য অস্ত্ৰ আৰু ৰাইফল জমা দিছিল ৷ এমএনএফে ইয়াৰ প্ৰস্তাৱ উত্থাপন কৰি থকাৰ সময়তে কেন্দ্ৰই মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়াৰ বাবে আগবাঢ়িছিল ৷ মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়াৰ বাবে 1986 চনৰ 5 আগষ্টত লোকসভাত এক সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰা হৈছিল ৷ মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰ আনুষ্ঠানিকতা 1987 চনৰ 20 ফেব্ৰুৱাৰীত সম্পূৰ্ণ হৈছিল ৷ আইজলস্থিত পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মিজোৰামৰ মুখ্য সচিব লালখামাই পূৰ্ণাংগ ৰাজ্যৰ আনুষ্ঠানিক পত্ৰ পাঠ কৰিছিল ৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আইজলত আহি উপস্থিত হৈছিল আৰু হিতেশ্বৰ শইকীয়াক ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছিল ৷