ETV Bharat / bharat

কাৰ্গিল দিৱসত স্বামীৰ বীৰত্বক সুঁৱৰিলে কেপ্তেইন শ্বালিনী সিঙে

author img

By

Published : Jul 26, 2020, 5:28 PM IST

শ্বালিনীয়ে কয়, "শ্বহীদ জোৱান সম্পৰ্কত ফোন যোগেৰে জনোৱা সেনা বাহিনীৰ নিয়ম সম্পৰ্কত আমি সকলোৱে জ্ঞাত আছিলো ৷ আমাক কোৱা হৈছিল যে,মেজৰ অবিনাশৰ বুকুত গুলী লাগিছে ৷ তেতিয়াই আমি ভালদৰে জানিছিলো যে,অবিনাশ আৰু নাই ৷"

Army veteran Capt Shalini Singh recalls her husband's valor on Kargil Vijay Diwas
কাৰ্গিল দিৱসত স্বামীৰ বীৰত্বক সোঁৱৰিলে কেপ্তেইন শ্বালিনী সিঙে

নেশ্যনেল ডেস্ক, 26 জুলাই : "অতি কম বয়সতে স্বামীৰ অবিহনে জীয়াই থকাটো কষ্টকৰ"- এই মন্তব্য ভাৰতীয় সেনা বাহিনীৰ কেপ্তেইন শ্বালিনী সিঙৰ ৷ স্বামীৰ মৃত্যু হোৱা বাতৰি লাভ কৰাৰ পাচত তেওঁৰ জীৱনলৈ অহা পৰিৱৰ্তন সম্পৰ্কত এনেদৰে মন্তব্য কৰে শ্বালিনী সিঙে ৷

সেনা কেপ্তেইন আৰু 16 বৰ্ষীয় সন্তানৰ মাতৃ শ্বালিনীয়ে 2017 চনত লাভ কৰিছিল ‘Classic Mrs India Queen of Substance’ সন্মান ৷ শ্বালিনীয়ে কয় যে,তেওঁৰ শহুৰেকে স্বামী তথা মেজৰ অবিনাশ সিং ভাদোৰিয়াৰ ইউনিটৰ পৰা এক ফোনকলৰ জৰিয়তে জানিব পাৰিছিল যে,জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত এক এনকাউন্টাৰত তেওঁৰ স্বামী আহত হৈছে ৷

শ্বালিনীয়ে কয়, "শ্বহীদ জোৱান সম্পৰ্কত ফোন যোগেৰে জনোৱা সেনা বাহিনীৰ নিয়ম সম্পৰ্কত আমি সকলোৱে জ্ঞাত আছিলো ৷ আমাক কোৱা হৈছিল যে,মেজৰ অবিনাশৰ বুকুত গুলী লাগিছে ৷ তেতিয়াই আমি ভালদৰে জানিছিলো যে,অবিনাশ আৰু নাই ৷"

স্বামীৰ মৃত্যুৰ পাচতে শ্বালিনীৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈছিল ৷ সাহসী মেজৰ অবিনাশে মৃত্যুৰ পূৰ্বে চাৰিটাকৈ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছিল ৷ সেই সময়ত শ্বালিনীৰ বয়স আছিল 23 বছৰ ৷ 23 বছৰ বয়সতে বিধৱা হৈ পৰা শ্বালিনীৰ পুত্ৰৰ বয়স সেই সময়ত আছিল 2 বছৰ ৷

বীৰ স্বামীক অতি কম বয়সতে হেৰুৱালেও শ্বালিনীয়ে প্ৰতিৰক্ষা বাহিনীত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 2002 চনৰ 7 ছেপ্টেম্বৰত স্বামীৰ প্ৰথম মৃত্য বাৰ্ষিকীৰ 20 দিন পাচত তেওঁ ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া হিচাপে যোগদান কৰে ৷

মেজৰ ভাদোৰিয়াৰ গৌৰৱাম্বিত পত্নী শ্বালিনীয়ে কয়, "2002 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতীয় সেনাৰ পোছাক পিন্ধি ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ গেলেন্ট্ৰী সন্মান 'কীৰ্তি চক্ৰ' গ্ৰহণ কৰিছিলো ৷ শত্ৰুৰ সন্মুখত দুঃসাহসিকতাৰ পৰিচয় দিয়াৰ বাবে মেজৰ অবিনাশে এই সন্মান লাভ কৰিছিল ৷"

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱস : পুত্ৰক হেৰুওৱাৰ দুখ আছে যদিও তেওঁৰ বীৰত্বত আজিও আমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.